ইউপিপিএল দললৈ চৰ্ত সাপেক্ষ সমৰ্থন বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ

চিৰাঙত সংবাদমেলত এই ঘোষণা

সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদ(আৰ এমচি)ৰ সংবাদমেল। ইউপিপিএল দললৈ চৰ্ত সাপেক্ষ সমৰ্থন। দীৰ্ঘদিনে বিপিএফ দলৰ ভাতৃ সংগঠন হিচাবে থকা আৰএমচিৰ সভাপতি আব্দুল আৱাল মণ্ডলে সংবাদমেল সম্বোধন কৰে চিৰাঙৰ ছাপাগুৰিস্থিত হোটেল হিমালয়াত।

সংবাদমেলত কয় যে, দীৰ্ঘ ১৭ টা বছৰ সংখ্যালঘু পৰিষদে বিপিএফ দলৰ স’তে থকাৰ পাছতো ২০১২, ২০১৪ৰ দৰে গোষ্ঠী সংঘৰ্ষৰ বলি হ’বলগীয়া হৈছিল সংখ্যালঘুসকলে । বিপিএফে সংখ্যালঘু লোকৰ উন্নয়নৰ বাবে কোনো ধৰণৰ বিষেশ কাম নকৰিলে বুলি অভিযোগ কৰে সভাপতিজনে।

প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএল দলে পৰিষদ গঠনৰ পাছতে ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সজাতি দল এটাই বিটিচিৰ সংখ্যালঘুসকলৰ বিভিন্ন দাবী লৈ প্ৰমোদ বড়োক সাক্ষাৎ কৰি স্মাৰক প্ৰদান কৰাৰ কথাও জনায় সংবাদ মেলত। প্ৰমোদ বড়োৰ সঁহাৰিত পৰিষদে চৰ্ত সাপেক্ষ এইবাৰ বিধানসভা নিৰ্ব্বাচনত ইউপিপিএল দলক সমৰ্থন জনায় বুলি সংবাদ মেলত প্ৰকাশ কৰে ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আব্দুল আওৱাল মণ্ডলে। সংবাদ মেলৰ পূৰ্বে পৰিদষৰ এক কাৰ্য্যকৰি সভা অনুষ্ঠিত হয় হোটেলখনত ।

Exit mobile version