গংগুবাই কাথিয়াৱাৰীৰ শ্বুটিঙত স্থগিতাদেশ

mh5bvf5g gangubai kathaiwadi

সদ্য কৰ’নামুক্ত হৈছে সঞ্জয় লীলা বঞ্চালি । সম্প্ৰতি পুনৰ শ্বুটিং আৰম্ভ কৰাৰ বিষয়েও জনাইছে । শ্বুটিঙৰ ওপৰত স্থায়ী স্থগিতাদেশ বিচাৰি বঞ্চালি আৰু জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভট্টক চমন প্ৰেৰণ কৰিছে গংগুবাই কাথিয়াৱাৰীৰ পোষ্য-পুত্ৰ বাবুজি শ্বাহে । বলীউডৰ সূত্ৰ অনুসৰি,  মোম্বাই ছেছন ন্যায়ালয়ত আবেদন কৰিছিল বাবুজিয়ে । এই আবেদনৰ ভিত্তিতে আলিয়া আৰু সঞ্জয়ক চমন প্ৰেৰণ কৰিছে ন্যায়ালয়ে ।

বাবুজিয়ে দাবী জনায় যে, চলচ্চিত্ৰখনত তেওঁৰ মাতৃ তথা পৰিয়ালবৰ্গ সম্পৰ্কে ভুৱা তথ্য পৰিৱেশন কৰা হৈছে । তেওঁলোকে এই অভিযোগ স্বীকাৰ কৰা নাই । ইতিমধ্যে তেওঁ স্থানীয় ন্যায়ালয়ত বিষয়টো অৱগত কৰি আবেদন কৰিছে । সেই আবেদনৰ ভিত্তিতেই আলিয়া ভট্ট, লেখক-সাংবাদিক হুছেইন জাইদি আৰু পৰিচালক সঞ্জয় লীলা বঞ্চালিক ২১ মে’ত ন্যায়ালয়ত হাজিৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে ।

ইয়াৰ পূৰ্বেও বঞ্চালিৰ ‘বাজিৰাও মস্তানি’ ‘পদ্মাৱত’ৰ দৰে বহুকেইখন চলচ্চিত্ৰ সমালোচনাৰ সন্মুখীন হয় । সঞ্জয়-আলিয়াৰ এই চলচ্চিত্ৰখন বিগত বৰ্ষৰ ছেপ্টেম্বৰতে মুক্তি লাভ কৰিবলগীয়া আছিল । অতিমাৰীৰ বাবে দীৰ্ঘদিন শ্বুটিং স্থগিত হৈ আছিল । নিজৰ জন্মদিনত পৰিচালকে জনায়, সকলো ঠিক থাকিলে আগন্তুক ৩০ জুলাইত প্ৰেক্ষাগৃহত মুক্তি দিয়া হ’ব ‘গংগুবাই কাথিয়াৱাৰী’ ।

Exit mobile version