টিকৰি সীমান্তত প্ৰতিবাদকাৰীসকলৰ বাবে ৪০খন বিছনাযুক্ত চিকিৎসালয় মুকলি

HOSPITAL

প্ৰায় চাৰি মাহ ধৰি তিনি কৃষি আইন প্ৰত্যাহাৰৰ দাবীত দিল্লী সীমান্তত আন্দোলনৰত হৈ আছে কৃষকসকল । বিভিন্ন সমস্যাৰ সন্মুখীন হৈও আন্দোলন অব্যাহত ৰাখিছে তেওঁলোকে । ইতিমধ্যে বহুকেইজন প্ৰতিবাদকাৰীৰ মৃত্যুও হৈছে । প্ৰতিবাদকাৰীসকলৰ স্বাস্থ্যৰ বিষয়ত সৰৱ হৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে ইণ্ডিয়ান নেছনেল লোকদল (আইএনএলডি)য়ে । ৰাজনৈতিক দলটোৱে দিল্লীৰ টিকৰি সীমান্তত ৪০ খন বিছনাযুক্ত চিকিৎসালয় মুকলি কৰে ।

আইএনএলডি-ৰ শীৰ্ষস্তৰৰ নেতা অৰ্জুন চৌতালে কয়, ‘চৰকাৰে কৃষকসকলক স্বাস্থ্য পৰিসেৱাৰ পৰা বঞ্চিত কৰিব বিচাৰিছে । যাতে প্ৰতিবাদ বিঘ্নিত হয় । সেয়ে আমাৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিছে, যথা সম্ভৱ আন্দোলনকাৰীসকলক স্বাস্থ্য পৰিসেৱা প্ৰদান কৰিব ।’

সেয়ে আইএনএলডি-য়ে টিকৰি সীমান্তত চিকিৎসালয় মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জনায় চৌতালে । তেওঁৰ মন্তব্য, টিকৰি সীমান্তত আমি এখন চিকিৎসালয় মুকলি কৰিছো । য’ত ৪০ খন বিছনা আছে ।’ টিকৰি সীমান্তৰ চিকিৎসালয়ত তিনিটা ৱাৰ্ড আছে বুলিও জনায় তেওঁ । ইয়াৰে দুটা জেনেৰেল ৱাৰ্ড আৰু এটা মহিলাসকলৰ বাবে ।

Exit mobile version