ভাৰতৰ প্ৰতিযোগিতা আয়োগে তদন্ত কৰিব হোৱাটছএপৰ নতুন নিৰাপত্তা নীতিৰ

WhatsApp 5

হোৱাটছএপৰ নতুন আপডেট সন্দৰ্ভত পূৰ্বেই আপত্তি দৰ্শাইছিল কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰণালয়ে । সেই আপত্তিৰ ভিত্তিতেই ভাৰতৰ প্ৰতিযোগিতা আয়োগে তদন্ত আৰম্ভ কৰিব । আয়োগে জনায় যে, হোৱাটছএপে নতুন নিৰাপত্তা নীতিৰ জৰিয়তে সাধাৰণ গ্ৰাহকক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে আৰু অন্য ক্ষেত্ৰত গ্ৰাহকৰ অংশগ্ৰহণ বন্ধ কৰিছে । এই অভিযোগৰ ভিত্তিতেই তদন্ত হ’ব । আয়োগৰ সাধাৰণ সঞ্চালকক ৬০ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন জমা দিয়াৰ নিৰ্দেশ দিয়া হৈছে ।

হোৱাটছএপৰ নিৰাপত্তা নীতি পৰিৱৰ্তনৰ সময়ত গ্ৰাহসকলে তেওঁলোকৰ ব্যক্তিগত তথ্য ফেচবুকৰ স’তে শ্বেয়াৰ কৰাৰ চৰ্ত আহে । নতুন নিৰাপত্তা নীতি গ্ৰহণ নকৰাৰ কোনো সুযোগ প্ৰদান কৰা নহৈছিল গ্ৰাহকসকলক । এই সম্পূৰ্ণ বিষয়টোক লৈয়ে আপত্তি দৰ্শাইছিল কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰণালয়ে । সেয়ে তদন্তৰ সিদ্ধান্ত গ্ৰহণ কৰে আয়োগে ।

আয়োগে জনায় যে, এই নিৰাপত্তা নীতি গ্ৰহণ নকৰাৰ কোনো সুযোগ নোহোৱাই মূলতঃ আপত্তিৰ কাৰণ । হোৱাটছএপে ভাৰতীয় বজাৰত ইয়াৰ একচেটিয়া উপস্থিতিৰ সুযোগ লৈ‌য়ে এই সিদ্ধান্ত গ্ৰাহকৰ ওপৰত জাপি দিছে । আয়োগে জনায়, ‘ভাৰতীয় বজাৰত কোনো প্ৰতিযোগিতাৰ সন্মুখীন নোহোৱাৰ বাবেই হোৱাটছএপে গ্ৰাহকসকলৰ নিৰাপত্তা নীতিত যথেষ্ট গুৰুত্ব আৰোপ কৰা নাই । গ্ৰাহকৰ সংখ্যা কমি যাব পাৰে বুলিও ভয় কৰা নাই হোৱাটছএপ কৰ্তৃপক্ষই । সেয়ে এই চৰ্ত গ্ৰহণ নকৰাৰ কোনো সুযোগ প্ৰদান কৰা নাই তেওঁলোকে ।’

ইয়াৰ পৰিপ্ৰেক্ষিততে উত্থাপন হৈছে আন এক বিষয়ৰ । আয়োগৰ প্ৰশ্ন, ‘ফেচবুকৰ স’তে গ্ৰাহকৰ ব্যক্তিগত তথ্য শ্বেয়াৰ কৰাৰ বিষয়ত কি নিৰাপত্তা নীতি অৱলম্বন কৰা হৈছে ? সেয়া স্পষ্ট কৰা নাই হোৱাটছএপে । লগতে গ্ৰাহকসকলে তথ্য শ্বেয়াৰ কৰিবলৈ ইচ্ছুক হয় নে নহয় সেয়া বুজাৰো উপায় নাই, কাৰণ এই আপডেট পৰিহাৰ কৰাৰ কোনো সুযোগ দিয়া নাই সংস্থাই ।’

হোৱাটছএপৰ মুখপাত্ৰই জনায়, ‘আয়োগৰ স’তে বিস্তাৰ আলোচনা কৰিবলৈ আমি আগ্ৰহী । হোৱাটছএপে গ্ৰাহকৰ নিৰাপত্তা ৰক্ষা কৰিবলৈ সদায় বদ্ধপৰিকৰ । নতুন ‘বিজনেছ ফিচাৰে’ কেনেকৈ কাম কৰে এই বিষয়েও গ্ৰাহকক স্পষ্ট তথ্য দিবলৈ আগ্ৰহী ।’

Exit mobile version