মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সংবাদ মেল

অসমত বিজেপিয়ে জয়ী হৈ বহুমতত চৰকাৰ গঠন কৰিবঃ চৌহান

WhatsApp Image 2021 03 25 at 5.20.56 PM

বিজেপিৰ ৰাষ্ট্ৰীয় নেতা তথা মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে বিজেপি অসম প্ৰদেশৰ খানাপাৰাস্থিত নিৰ্বাচনী সংবাদ কোষৰ কাৰ্যালয়ত সংবাদ মেল আয়োজন কৰে ।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী চৌহানে কয় যে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভুৱা প্ৰতিশ্ৰুতি দিয়ে । ৰাহুল গান্ধীয়ে মধ্যপ্ৰদেশৰ লক্ষ্যাধিক কৃষকক ঋণমুক্ত কৰাৰ কথা দিছিল, কিন্তু ২০১৯ত বেংকসমূহে সকলো ঋণৰ বোজা জনসাধাৰণৰ ওপৰত জাপি দিয়ে । অসমত প্ৰকাশিত ‘জ’ব ৰেজিষ্ট্ৰেচন ফ’ৰ্ম’খন চট্টিশগড়, মধ্যপ্ৰদেশটো প্ৰকাশ কৰি হৈছিল ।

তেওঁ লগতে কংগ্ৰেছৰ নেতাজনক কটাক্ষ কৰি কয় যে, দেশত সমস্যাৰ সৃষ্টি হ’লেই ৰাহুল গান্ধীয়ে বিদেশত পলায়ন কৰে ।

Watch Video

বদৰুদ্দিন আজমলৰ স’তে কৰা মিত্ৰজোঁটৰ কটাক্ষ কৰি কয়, ‘বদৰুদ্দিন আজমল হৈছে বহিৰাগতসকলৰ ৰক্ষক । অসমৰ সংস্কৃতিক আজমলৰ পৰা সুৰক্ষা প্ৰদান কৰিব লাগে । যিজন আজমলক তৰুণ গগৈয়ে অস্বীকাৰ কৰিছিল সেইজনক কংগ্ৰেছে সাৱটি লৈছে ।’

লগতে কয় যে, অসমত বিজেপিয়ে জয়ী হৈ বহুমতত চৰকাৰ গঠন কৰিব । অসমৰ জনতাক মিথ্যাবাদী ৰাহুলক ভোট নিদিবলৈ আহ্বান ।

Exit mobile version