সন্মিলিত কিষাণ মৰ্চাৰ ভাৰত বন্ধ ঘোষণা

295140 new project 30

সন্মিলিত কিষাণ মৰ্চাৰ নেতা প্ৰেম সিং ভাংগোৱে জনায় যে, অহা কালি ২৬ মাৰ্চত ভাৰত বন্ধ ঘোষণা কৰা হৈছে । পঞ্জাৱ আৰু হাৰিয়ানাসহ ৰাজস্থান, উত্তৰ প্ৰদেশ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কেৰালা আৰু মহাৰাষ্ট্ৰত এই বন্ধৰ প্ৰভাৱ পৰিব ।

তেওঁ লগতে জনায় যে, এই ৰাজ্যসমূহত বন্ধৰ প্ৰস্তুতি দ্ৰুতগতিত চলি আছে । পঞ্জাৱত আৰম্ভ হোৱা এই আন্দোলন এতিয়া সমগ্ৰ ভাৰততে বিয়প গণ আন্দোলনলৈ পৰিণত হৈছে । তিনি কৃষি আইন বাতিল নোহোৱা পৰ্যন্ত কৃষকসকলে সংঘৰ্ষ কৰি যাব ।

২৬ মাৰ্চত সমূহ ঘাইপথ ৰে’ল লাইন আৰু বজাৰ-হাট বন্ধ ঘোষণা কৰা হৈছে । লগতে চৰকাৰী কাৰ্যালয়সমূহো পুৱা ন বজাৰ পৰা সন্ধিয়া ছয় বজালৈ বন্ধ থাকিব । অৱশ্যে জৰুৰীকালীন সেৱাসমূহত এই বন্ধ কাৰ্যকৰী নহয় ।

সকলোকে বন্ধ কাৰ্যকৰী কৰিবলৈ আহ্বান জনায় ভাংগোৱে কয় যে, কেন্দ্ৰীয় চৰকাৰৰ উদাসীন আচৰণৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে । সন্মিলিত কিষাণ মৰ্চাই সকলো লোককে এই বন্ধত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

Exit mobile version