হংসবিলত শতাধিক লোকৰ বিপিএফত যোগদান সভা

1200px BPF Flag

অসম বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহ। এই ক্ষেত্রত পিছ পৰি ৰোৱা নাই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলো । ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিৰ অধিন হংসবিলত বিপিএফৰ এক যোগদান সভা অনুষ্ঠিত হয়।

উক্ত যোগদান সভাত প্ৰায় এক শতাধিক ইউপিপিএল-ৰ কৰ্মী সমৰ্থকে আনুষ্ঠানিকভাৱে বিপিএফত যোগদান কৰে। যোগদান অনুষ্ঠানত উপস্থিত থাকে ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰদীপ কুমাৰ ব্ৰহ্ম, গুমা ব্লক বিপিএফৰ সম্পাদক আবুবক্কৰ ছিদ্দিক, কংগ্ৰেছৰ আইটিচেলৰ মুৰব্বী খাইৰূজ জামান, কচুগাঁও ব্লক বিপিএফৰ সম্পাদক নুৰ নবী শেখ, তুলসীবিলৰ প্ৰাক্তন মুৰব্বী আখতাৰা ভানুসহ বিপিএফৰ বিভিন্ন নেতা কৰ্মীসকল।

অনুষ্ঠানত উপস্থিত থাকি প্ৰাক্তন বিধায়ক প্ৰদীপ কুমাৰ ব্ৰহ্মই আগন্তুক বিধানসভা নির্বাচনত দলীয় কৰ্মীসকলক সক্রিয়ভাৱে কাম কৰিবলৈ আহ্বান জনায়। লগতে অসমত বিজেপি বিৰোধী শক্তিক একত্রিত হ’বলৈ আহ্বান । অহা তিনি মাৰ্চত চিথিলাৰ পথাৰত নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল উপস্থিত হ’ব। চিথিলাৰ পথাৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনী প্ৰচাৰ সভাত জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো ৰাইজক উপস্থিত হ’বলৈ আহ্বান জনায় ব্ৰহ্মই ।

Exit mobile version