মাস্ক পৰিধান নতুন নহয়, তিনি হেজাৰ বছৰ পূৰ্বেও আছিল !

102170 1

সম্প্ৰতি মাস্কে সমগ্ৰ বিশ্বতে খলকনিৰ সৃষ্টি কৰিছে । কৰ’না এক প্ৰকাৰ নতুন মহামাৰী সেয়ে মাস্ক পৰিধান কৰা অপৰিহাৰ্য বুলি কোৱা হৈছে । কিন্তু এয়া সম্পূৰ্ণ সত্য জানো ? প্ৰত্নতত্ববিদসকলে জনাইছে যে, মাস্ক পৰিধান কৰা নতুন নহয়, তিনি হেজাৰ বছৰ পূৰ্বেও মানুহে মাস্ক পৰিধান কৰিছিল ।

 

চীনৰ দক্ষিণ-পশ্চিম অঞ্চলৰ ছিচুআন প্ৰদেশৰ প্ৰত্নতাত্বিক স্থান খনন কৰিছিল গৱেষকসকলে । এই প্ৰত্নতাত্বিক স্থান চেংদুৰ বহিৰাঞ্চল ছেনচিংডুই । খনন কাৰ্যৰ সময়ত সেই স্থানৰ পৰা পাঁচশৰো অধিক নিদৰ্শন উদ্ধাৰ কৰা হৈছে । ইয়াৰ ভিতৰত এটা সোণেৰে নিৰ্মিত মাস্কো উদ্ধাৰ কৰা হৈছে ।

মাস্কটো পৰীক্ষা কৰি পোৱা যায় যে, এইটো তিনি হেজাৰ বছৰ পুৰণি । প্ৰত্নতত্ববিদসকলে উদ্ধাৰ কৰা মাস্কটোৰ ৮৪ শতাংশই সোণৰ । মাস্কটোৰ ওজন ২৮০ গ্ৰাম । এই তথ্য প্ৰকাশ কৰিছে চীনৰ নেছনেল কালছাৰেল হেৰিটেজ এডমিনিষ্ট্ৰেছনে । প্ৰত্নতত্ববিদসকলে জনায় যে, সেই সময়ত মানুহে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত মাস্ক পৰিধান কৰিছিল ।

৩১৬ খ্ৰীষ্টাব্দত ছেনচিংডুই ছু ৰাজ্যৰ অন্তৰ্গত আছিল । পশ্চিম ছিচুআন উপত্যকাৰ হান নদীৰ অববাহিকাজুৰি বিস্তৃত হৈ আছিল এই ৰাজ্য । ৰাজ্যখন শিল্প কৰ্মৰ বাবে খ্যাত আছিল ।

২০ দশকৰ পৰা এই পৰ্যন্ত অঞ্চলটোৰ পৰা ৫০ হেজাৰৰো অধিক প্ৰত্ন তত্ত্ব উদ্ধাৰ কৰা হৈছে । ১৯৮৬ত এই অঞ্চলটোত খনন কাৰ্য চলোৱাত ব্ৰঞ্জেৰে নিৰ্মিত মাস্ক উদ্ধাৰ হৈছিল ।

Exit mobile version