কাৰ্বি আংলঙৰ উন্নয়নৰ ৫০ কোটি টকা বিটিচিৰ নিৰ্বাচনত  খৰচ কৰিছিল তুলিৰাম ৰংহাঙেঃ হাগ্ৰামা মহিলাৰী

WhatsApp Image 2021 03 26 at 7.04.28 PM

কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে হিমন্ত বিশ্বৰ কথা মতে বিটিচিৰ নিৰ্বাচনত উন্নয়নৰ ৫০ কোটি টকা খৰচ কৰিছিল ৷ এইদৰেই আজি বোকাজানৰ খটখটীত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী সভাত বাক্যবান এৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷

১৭ নং বোকাজান বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিৰ হৈ প্ৰচাৰ চলাবলৈ অহা হাগ্ৰামা মহিলাৰীয়ে কয় যে, বিটিচিৰ বাহিৰৰ বড়ো লোকে প্ৰমোদ বড়োক চিনিয়েই নাপায় আৰু আগন্তুক নিৰ্বাচনত এইসকল লোকে কংগ্ৰেছ মহাজোঁটকে ভোট দিব ৷

মহিলাৰীয়ে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী ডাঃ নোমল মমিনক চালানী মাছ বুলি উল্লেখ কৰি কয় যে, ৰতন ইংতিহে সমষ্টিবাসীৰ স’তে অতি ঘনিষ্ঠ ৷

আজিৰ এই সভাত সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যইও অংশগ্ৰহণ কৰি কয় যে, অসমত এইবাৰ মহাজোঁটৰ চৰকাৰ গঠন হ’ব ৷

Exit mobile version