প্ৰথম পৰ্যায়ত দুটা দলৰ দুজন সভাপতি হাৰিব

বদৰুদ্দিনক লৈ ডুবিল কংগ্ৰেছ: ৰঞ্জিত কুমাৰ দাস

thequint 2019 06 709e71aa f21b 431a b90a df3cdb7d7cee 24a091755ae27f20be6c26285b5b91cc

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যৰ দুটা ৰাজনৈতিক দলৰ দুজন সভাপতি পৰাজিত হোৱাটো  নিশ্চিত। চৰকাৰ গঠন কৰাৰ সপোন দেখা দুজন সভাপতি পৰাজিত হ’ব বুলি আজি মন্তব্য কৰি প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনতে অগপ, বিজেপি, ইউ পি পি এল মিত্ৰজোঁটৰ চৰকাৰে ৪৬খন আসন লাভ কৰিব বুলি দাবী কৰে বিজেপিৰ ৰাজ্যিক সভাপতি তথা পাটাছাৰকুছি মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থী ৰণজিৎ কুমাৰ দাসে।

আজি পাটাছাৰকুছি সমষ্টিৰ কেন্দুগুৰিত অনুষ্ঠিত এখন মত বিনিময় সভাত সভাপতি দাসে এআইইউডিএফ দলৰ চুপ্ৰিমো বদৰুদ্দিন আজমলক লগত লৈ কংগ্ৰেছ এইবাৰ অসমত ভালকৈ ডুবিল বুলি তিৰ্য্যক মন্তব্য কৰে । বদৰুদ্দিনৰ দৰে সাম্প্ৰদায়িক নেতাৰ সাম্প্ৰদায়িক ভাষণ কোনো কাৰণতে অসমৰ স্বাভিমানী অসমীয়াই হজম নকৰে বৰঞ্চ ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰে ।

লোক সংস্কৃতিৰ অন্যতম সাধক বসন্ত পাটগিৰীয়ে বিজেপিলৈ লিখা এটি লোক গীত গাই সকলোকে আকৰ্ষিত কৰি সভাপতি দাসে বহু কেইজন আশীতোপৰ বৃদ্ধাক সম্বৰ্ধনা জনায় । চট্টীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলাৰ অভিযোগ সন্দৰ্ভত সভাপতি দাসে কয় যে, বিজেপি দল ভয় ভাবুকি দিয়া দল নহয়, মৰম স্নেহৰে পূৰ্ণ দল । বিশিষ্ট সমাজকৰ্মী গিৰীধৰ চৌধুৰীয়ে সঞ্চালনা কৰা মত বিনিময় সভাত বিজেপিৰ যুৱ নেত্ৰী ভণিতা মেধী, হৰিহৰ শৰ্মা আদিকে ধৰি সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। ইয়াৰ পাছতে পাঠশালাৰ আজাদ ভৱণত অনুস্থিত হয় আন এক যোগদান সভা ।

উক্ত সভাত কংগ্ৰেছ দলৰ পাটাছাৰকুছি সমষ্টিৰ প্ৰাক্তন বিধায়িকা তথা অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ড° মলয়া বৰ্মণৰ নেতৃত্বত কে’বা সহস্ৰাধিক মহিলা আৰু কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলৰ নীতি আৰ্দশৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে।

বিজেপিত যোগ দিয়া প্ৰাক্তন বিধায়িকা ড° মলয়া বৰ্মণে, কংগ্ৰেছ দলৰ এতিয়া কোনো নীতি আদৰ্শ নাই বুলি অভিযোগ উত্থাপন কৰে । ৰিপুন বৰা নহয় বদৰুদ্দিনৰ মতেহে কংগ্ৰেছ দল চলে বুলিও মন্তব্য কৰে। লগতে বজালী মহাবিদ্যালয়ৰ প্ৰাক্তন সম্পাদক কংকণ তালুকদাৰৰ নেতৃত্বত দুই শতাধিক যুৱকে বিজেপিত যোগদান কৰে।

Exit mobile version