বকোৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মৃতদেহ উদ্ধাৰ

WhatsApp Image 2021 03 26 at 7.08.24 PM

আজি বকো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত এজন লোকৰ মৃতদেহ  উদ্ধাৰ হয় । চিকিৎসকৰ কোৱাৰ্টাৰৰ চৌহদত উদ্ধাৰ হৈছে অৰ্ধগলিত মৃতদেহটো ।

প্ৰায় তিনিদিন পূৰ্বে মৃত্যু হৈছে লোকজনৰ। মৃত লোকজন বকো শাখাতিৰ হৰি (৫০) বুলি সন্দেহ কৰা হৈছে। বিগত ১৫ বছৰে মৃত লোকজনে মেডিকেল চ’কত কাম কৰি জীৱন নিৰ্বাহ কৰি আহিছিল। আজি অঞ্চলটোত গোন্ধ বিয়পি পৰাৰ পাছতে ফাদিল হয় ঘটনাৰ ।

অভিযোগ অনুসৰি, সমগ্ৰ ঘটনা জনাৰ পাছতো কোনো গুৰুত্ব প্ৰদান কৰা নাই চিকিৎসালয়ৰ কৰ্তৃপক্ষই । আনকি মৃতদেহটোৰ সন্দৰ্ভত আৰক্ষীয়েও লোৱা নাই কোনো পদক্ষেপ। সমীপত থকা ফাৰ্মাচী, দোকান পোহাৰলৈ গোন্ধ বিয়পি পৰাত অঞ্চলটোত এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে ।

Exit mobile version