আজি বজালীত ওলাল নিৰ্বাচনী ৰথ

WhatsApp Image 2021 03 27 at 6.37.19 PM

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত ভোটাধিকাৰ প্ৰাপ্ত নাগৰিকসকলে যাতে নিশ্চিতভাৱে ভোটদান কৰে সেই উদ্দেশ্য আগত ৰাখিয়েই জনসাধাৰণৰ মাজত ভোটাদান সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে বজালী জিলা প্ৰশাসনৰ উদ্যোগত আৰু নিৰ্বাচন সংক্ৰান্তত গঠন কৰা এছভিইইপি কোষৰ সৌজন্যত আজি বজালীত এখন চলন্ত ৰথ উলিওৱা হয় । পাটাছাৰকুছি আৰু ভবানীপুৰ দুয়োটা সমষ্টিৰ ভিন্ন প্ৰান্তত পৰিভ্ৰমণ কৰিবলগীয়া এই ৰথখন সজাই-পৰাই তোলা হয় আৰু সুসজ্জিত এই ৰথখন ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত যাত্ৰাৰ বাবে ৰখা হয়।

জনাকীৰ্ণ ৰাজপথৰ অনেক কৌতুহলী জনতাই ৰথখন প্ৰত্যক্ষ কৰে আৰু তেনে এক সময়তে বজালী জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই পতাকা জোকাৰি ৰথখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে।‌ এই সন্দৰ্ভত উপায়ুক্ত বৰুৱাই কয় যে, এনে অভিলাসী কৰ্মসূচীৰ ফলপ্ৰসূ ফচল হিচাপে দুয়োটা সমষ্টিৰ নগৰ অঞ্চলৰ উপৰিও গ্ৰামীণ অঞ্চলৰ ভোটাৰসকলক অনিবাৰ্যভাৱে উদ্বোদ্ধ কৰি তুলিব । লগতে এই কৰ্মসূচীৰ সমান্তৰালকৈ‌ ভোটদান সজাগতাৰ বাবে এক স্বাক্ষৰ অভিযানৰো আয়োজন‌কৰা হয়।

এছভিইইপি কোষৰ তত্বাৱধায়ক জোনালী ৰাভা আৰু কোষৰ কাৰ্যবাহী হেমাঙ্গ তালুকদাৰে জনোৱা অনুসৰি, সুসজ্জিত ৰথখনত ভোটদান যে নাগৰিকৰ কৰ্তব্য আৰু দায়িত্ব সেই বিষয়ে বিভিন্ন পোষ্টাৰ বেনাৰ, সংগীত আদি সংলগ্ন কৰি দিয়া হয়।

Exit mobile version