গোসাইগাঁৱৰ বাসন্তিপুৰত ইউ পি পি এলৰ প্ৰচাৰ সভাত প্ৰমোদ বড়ো

Pramod Boro 696x464 1

আজি গোসাঁইগাঁও মহকুমাৰ তথা ২৮ নম্বৰ গোসাঁইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বাসন্তিপুৰত মিত্ৰজোঁটৰ অংশীদাৰ ইউ পি পি এলৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয় ৷ সমাগত বিধানসভা নিৰ্বাচনত বিপিএফ দলে প্ৰতিদ্বন্দিতা কৰা সকলো সমষ্টিতে পৰাজিত হৈ শুণ্যত স্তব্ধ হ’ব ৷ এই দাবী বিটিচি প্ৰধান তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ ৷

২৮ নম্বৰ বিধানসভা সমষ্টিৰ ইউপিপিএল তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী সোমনাথ নাৰ্জাৰীৰ হৈ সমষ্টিটোৰ অন্তৰ্গত সহশ্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাত প্ৰমোদ বড়োৱে কয়, ‘বিগত ১৭ বছৰ অগাধ দুৰ্নীতি কৰি ৰাইজক প্ৰতাৰনা কৰা বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে মাত্ৰ দুই মাহৰ চৰকাৰ ইউ পি পি এলক নানান অভিযোগ দি নিৰ্বাচনী বৈতৰনী পাৰ কৰাৰ চেষ্টা চলাইছে। কিন্তু হাগ্ৰামাই যিমানেই চেষ্টা চলাওক ৰাইজে বিপিএফ দলৰ সকলো চৰিত্ৰ বুজি পাইছে আৰু ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ এইবাৰ নিৰ্বাচনত ইভিএমৰ জৰিয়তে দিব ৷’

লগতে কয় যে, বিপিএফ দলে সকলো সমষ্টিতে পৰাজয় হৈ শুণ্যত স্তব্ধ হ’ব ৷ বিপিএফে ক্ষমতা বিচাৰিছে শোষণৰ কাৰণে, কিন্তু ইউ পি পি এলে ক্ষমতা বিচাৰিছে উন্নয়নৰ কাৰণে ৷ সমষ্টিবাসি ৰাইজৰ বাবে বিপিএফৰ বিধায়কে আজিলৈকে কোনো  উন্নয়নৰ কাম কৰা নাই ৷ যাৰ বাবে ৰাইজে সকলো দিশতে বঞ্চিত হৈছে ৷

Exit mobile version