চাবুৱাৰ ডিকম ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

ইভিএম-ত কংগ্ৰেছৰ চিহ্নত কাগজৰ টুকুৰা লগাই থোৱা অভিযোগ, সংবাদ মাধ্যমক কটু মন্তব্য অজয় ফুকনৰ

WhatsApp Image 2021 03 27 at 6.32.07 PM

১২১ নং চাবুৱা বিধানসভা সমষ্টিৰ ডিকম নাহৰতলি চাহ বাগিচা এলপি স্কুলৰ ৭ নং ভোট কেন্দ্ৰত ৫০ শতাংশ ভোটগ্ৰহণ হোৱাৰ সময়তে ইভিএম-ত কংগ্ৰেছৰ চিহ্ন সম্বলিত বুটামত কাগজ এটুকুৰা লগাই ৰখাৰ অভিযোগ তুলি কংগ্ৰেছৰ দলীয় কৰ্মীসহ প্ৰাৰ্থী অজয় ফুকনে কেন্দ্ৰটোত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ।

কেন্দ্ৰটোৰ চৌহদত প্ৰৱেশ কৰি ভোটাৰক উদ্দেশ্যি বক্তব্য আগবঢ়োৱাৰ সময়ত সংবাদ মাধ্যমক উদ্দেশ্যি গালি পৰা পৰিলক্ষিত হয় । অজয় ফুকনৰ সমৰ্থকসকলৰ স’তে কেন্দ্ৰটোত শ্ল’গান প্ৰদান কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলাৰ সময়তে অগপ আৰু কংগ্ৰেছ কৰ্মীসকলৰ মাজত ঠেলা-হেঁচা কৰা পৰিলক্ষিত হয় ।

ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শী দুগৰাকীৰ মতে, ভোট দিয়াৰ সময়ত বুটামৰ ওপৰত এটা ষ্টিকাৰ লগোৱা আছিল আৰু প্ৰিজাইডিং অফিচাৰক অৱগত কৰা হৈছিল যদিও, ইভিএমটোৰ দৃষ্টি ৰখা আমাৰ কাম নহয় বুলি কয় অফিচাৰগৰাকীয়ে । ইয়াকে লৈ বাক-বিতণ্ডাৰ সৃষ্টি হোৱাত অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষী উপস্থিত হৈ অগপ আৰু কংগ্ৰেছৰ সমৰ্থকসকলক নিয়ন্ত্ৰণলৈ আনে ।

বিগত কে’বাদিনৰ পৰা অসম গণ পৰিষদৰ প্ৰাৰ্থী পোনাকণ বৰুৱাই সমৰ্থকৰ দ্বাৰা মদ আৰু ধনৰ প্ৰলোভনেৰে ভোটাৰ ৰাইজৰ মাজত বিশৃংখল পৰিৱেশ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰে ফুকনে । প্ৰশাসনেও নিৰপেক্ষ ভূমিকা পালন কৰাত ব্যৰ্থ হোৱা বুলিও অভিযোগ কৰিছে ।

লগতে অজয় ফুকনৰ দ্বাৰা উত্থাপিত সংবাদ মাধ্যমৰ ওপৰত অভিযোগ সন্দৰ্ভত সংবাদ মাধ্যমে স্পষ্টিকৰণ বিচৰাত দুই-এক সংবাদ মাধ্যম বুলি কৈ দায় সৰা মন্তব্য দিয়াৰ সময়ত চাবুৱাৰ আন এটা ভোট কেন্দ্ৰত কংগ্ৰেছৰ চিনত চিয়াঁহী ঢালি দিয়া বুলিও কয় । কেৱল ছয়মহীয়া ৰাজনৈতিক অভিজ্ঞতাৰে পৰিপুষ্ট প্ৰাৰ্থীগৰাকীয়ে সাংবাদিকক নিৰপেক্ষ ভূমিকা পালন কৰিবলৈ নীতি শিক্ষা দিয়ে ၊ দুই-এক সংবাদ মাধ্যম কংগ্ৰেছ বিৰুধী দলৰ স’তে মিলি থকা বুলি কেন্দ্ৰটোত ভোটদান কৰিবলৈ যোৱা ৰাইজৰ মাজত ভাষণ দিয়া দেখিবলৈ পোৱা যায় ।

ইপিনে, অসম গণ পৰিষদে বুটামত কাগজ লগাই ৰখা বুলি অভিযোগ উত্থাপন কৰে অজয়ে । অজয়ৰ এই অভিযোগ নস্যাৎ কৰিছে অসম মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সদস্যাই আৰু সংবাদ মাধ্যমক গালি দিয়াৰ সন্দৰ্ভতো এগৰাকী কৰ্মীয়ে ভাষ্য প্ৰদান কৰে ।

কেন্দ্ৰীয় সমিতিৰ সদস্যাগৰাকীৰ মতে, এয়া সম্পূৰ্ণ কংগ্ৰেছৰ নিজা ষড়যন্ত্ৰ । কিয়নো কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে পৰাজয়বৰণ কৰাটো নিশ্চিত বুলি জানি এইদৰে বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰি তোলিছে । ‘অজয় ফুকন জিন্দাবাদ’ ধ্বনি দিয়াত সম্পূৰ্ণ আইন উলংঘা কৰা হৈছে, ইলেকচন কমিচনাৰ উপস্থিত থকা সময়ত অজয় ফুকনে কংগ্ৰেছ দলৰ প্ৰতীক চিহ্ন লগাই ভোট কেন্দ্ৰত অ
কেনেকৈ প্ৰৱেশ কৰিব পাৰিলে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰি সমালোচনা কৰে সদস্যাগৰাকীয়ে ।

ৰসাতলে যোৱা এজন কাণ্ড জ্ঞানহীনক প্ৰতিনিধি হিচাপে চাবুৱাৰ ৰাইজে কেতিয়াও নিবিচাৰে বুলিও কটাক্ষ কৰে সদস্যাগৰাকীয়ে । আন এজন অগপ কৰ্মীয়ে অজয় ফুকনৰ অভিযোগৰ ভিত্তিত কয় যে, মদ আৰু পইচাৰ প্ৰলোভনৰ ৰাজনীতি কংগ্ৰেছে আৰম্ভ কৰা সংস্কৃতি ।

স্থানীয় ছেক্টৰ অফিচাৰ তথা ৰাজহ চক্ৰ বিষয়াই অভিযোগ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছে বুলি জানিবলৈ দিয়ে । সাংবাদ মাধ্যমৰ ওপৰত উত্থাপিত অভিযোগক চাবুৱাৰ সকলো সাংবাদিকে একেমুখে ধিক্কাৰ প্ৰদান কৰি ভৱিষ্যতে এনে মন্তব্য প্ৰদান নকৰিবলৈ আহ্বান জনায় ।

Exit mobile version