জলবায়ু শীৰ্ষ সন্মিলনত মোদী, জিনপিঙক আমন্ত্ৰণ জনালে বাইডেনে

8d1083b965ee21ad24c683451006e438

জলবায়ু পৰিৱৰ্তন বিষয়ক আন্তৰ্জাতিক শীৰ্ষ সন্মিলনত যোগদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক আমন্ত্ৰণ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে । আজি এই বিষয়ে জনালে হোৱাইট হাউচে ।

আগন্তুক ২২/২৩ এপ্ৰিলৰ ভাৰ্চুৱেল বৈঠকত বিশ্বৰ মুঠ ৪০ জন ৰাষ্ট্ৰনেতাক আমন্ত্ৰণ জনায় বাইডেনে । এই তালিকাত মোদী আৰু জিনপিংসহ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুতিন, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন, ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ ব’লছ’নাৰ’, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাক আমন্ত্ৰণ জনোৱা হৈছে ।

হোৱাইট হাউচৰ প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে, ‘আগন্তুক নৱেম্বৰত স্কটলেণ্ডৰ গ্লাছগ’ত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন বিষয়ক আন্তৰ্জাতিক সন্মিলন (চিঅ’পি) অনুষ্ঠিত হ’ব । ইয়াৰ পূৰ্বে এই শীৰ্ষ সন্মিলন অতি গুৰুত্বপূৰ্ণ । ২০২০ত চিঅ’পি-২৬ অনুষ্ঠিত হ’বলগীয়া আছিল, কিন্তু ক’ভিড পৰিস্থিতিৰ বাবে বাতিল কৰা হয় ।’

গোলকীয় উষ্ণতাৰ পৰা বিশ্বক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ২০১৫ত ৰাষ্ট্ৰসংঘৰ পেৰিছ জলবায়ু সন্মিলনত বিভিন্ন প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হৈছিল । সেই সময়ত আন্তৰ্জাতিক জলবায়ু পৰিৱৰ্তন বিশেষজ্ঞ সমিতিয়ে জনাইছিল যে, গ্ৰীণ হাউচ গেছৰ মাত্ৰা হ্ৰাস পোৱাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি পাইছে । এই গেছৰ পৰিমাণ তিনি গুণ বৃদ্ধি নকৰিলে পৃথিৱীৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰা অসম্ভৱ হৈ পৰিব । ২০২০ৰ পৰাই এই পৰিকল্পনা কাৰ্যকৰী কৰিব লাগিব । গ্ৰীণ হাউচ গেছ নিয়ন্ত্ৰণ পদ্ধতিত একমত নহয় পেৰিছ সন্মিলন ।

Exit mobile version