বজালীৰ পাঠশালাত ৰণজিৎ দাসৰ প্ৰচাৰ অব্যাহত

এহেজাৰৰো অধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

● পাঠশালাত কে’বাটাও গুৰুত্বপূৰ্ণ মন্তব্য ৰণজিৎ দাসৰ ।
● অখিল গগৈৰ পত্ৰৰ প্ৰভাৱ শূণ্য হʼব ।
● মানুহে ইতিমধ্যে সিদ্ধান্ত লৈছে ।
● শিৱসাগৰত অখিল গগৈ হাৰিব সেইয়া নিশ্চিত ।
● তিনি নম্বৰ স্থানতহে থাকিব অখিল গগৈ ।
● অখিল গগৈক শিৱসাগৰবাসীয়ে ব্যক্তিগতভাৱে ভাল পালেও ভোট দিব নিবিচাৰে ।
● নিজে হৰা প্ৰাৰ্থীৰ পত্ৰয়ে নিৰ্বাচনত একো প্ৰভাৱ নেপেলায় ।
● হাগ্ৰামা মহিলাৰীক তুলা-ধুনা ৰণজিৎ দাসৰ ।
● হাগ্ৰামা মহিলাৰীক আমি জীয়াই ৰাখিছিলো সেইয়া আমাৰ ভুল সিদ্ধান্ত আছিল ।
● কোকৰাঝাৰত আমি গʼলে তাত হোৱা ভ্ৰষ্টাচাৰৰ বাবে আমাৰ ডিঙি ৰুদ্ধ হৈ গৈছিল ।
● মিত্ৰতা ভংগ হোৱাৰ দিনাখন আটাইতকৈ সুখী ব্যক্তিজন ম‌ই আছিলো ।
● বিপিএফক আমি অক্সিজেন দি জীয়াই ৰাখিছিলো আৰু এতিয়া অক্সিজেনৰ পাইপ খুলি দিছো ।
● একমাত্ৰ নৰেন্দ্ৰ মোদীৰ বাবে আজি বিটিচিট ৰাইজে শান্তিৰে শোব পাৰিছে ।
● বিটিচিত শান্তি প্ৰতিষ্ঠা কৰাৰ মূল ব্যক্তি হৈছে নৰেন্দ্ৰ মোদী আৰু দল ভাৰতীয় জনতা পাৰ্টী ।

Exit mobile version