বিজেপিয়ে দেশৰ ৰাজহুৱা সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত বিক্ৰী কৰি শেষ কৰিছেঃ আগষ্টীন ইংহি

WhatsApp Image 2021 03 27 at 6.09.28 PM

বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছৰো নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত আছে পশ্চিম কাৰ্বি আংলঙত। উল্লেখযোগ্য যে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথোঁ চাৰিটা দিন বাকী । ইয়াৰ পৰিপ্ৰেক্ষিতত বৈঠালাংছ’ বিধানসভা সমষ্টিত বিজেপিক প্ৰত্যাহ্বান জনাই কংগ্ৰেছৰ প্ৰাৰ্থী আগষ্টীন ইংহি আৰু জিলাখনৰ দলীয় নেতাই অধিক তৎপতাৰে ধাৰাবাহিকভাৱে সমষ্টিটোৰ ইমূৰৰ পৰা সিমূৰলৈ নিৰ্বাচনী প্ৰচাৰ চলায় আসন দখলৰ চেষ্টা ৰখা পৰিলক্ষিত হৈছে।

আজিও সমষ্টিটোৰ দুৰ্গম অঞ্চলত অৱস্থিত জেৰিকীণ্ডিঙত কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আগষ্টীন ইংহিয়ে স্বয়ং উপস্থিত হৈ কে’বা শতাধিক উপস্থিত ৰাইজ তথা কংগ্ৰেছ সমৰ্থকক সম্বোধন জনায় কয়, ‘বৈঠালাংছ’ সমষ্টিত কংগ্ৰেছৰ জয় এশ শতাংশই নিশ্চিত। কেৱল ইয়াতে নহয় এইবাৰ অসমত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ গঠন হ’ব। কংগ্ৰেছ চৰকাৰৰ আমোলত বিভিন্ন উন্নয়নমূলক চৰকাৰী আঁচনিৰ দ্বাৰা সৰ্বসাধাৰণ ৰাইজ উপকৃত হৈছিল, উগ্ৰপন্থী সমস্যা দূৰ হৈ শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি হৈছিল, গেছ, তেল, খাদ্য-সামগ্ৰীৰ মূল্য আদি সকলো শ্ৰেণীৰ লোকৰ বাবে বহনক্ষম আছিল, কিন্তু বিজেপি চৰকাৰ অহাৰ লগে লগেই সম্পূৰ্ণ ইয়াৰ বিপৰীত ছবিহে দেখিবলৈ পাইছে ৰাইজে। পুঁজিপতিৰ বাহিৰে সাধাৰণ ৰাইজ চলিব নোৱাৰা হৈ পৰিছে।’

তেওঁ লগতে, বিজেপিয়ে দেশৰ ৰাজহুৱা সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত বিক্ৰী কৰি শেষ কৰিছে বুলিও মন্তব্য কৰে । বাছ, ৰে’ল পৰিৱহণ, বিদ্যুৎ বিভাগ, অসমৰ তৈলক্ষেত্ৰ আদি ব্যক্তিগতকৰণ কৰি শেষ কৰিছে, সংস্থাপনৰ সুবিধা নোহোৱা কৰিছে এই বিজেপি চৰকাৰে বুলি ইংহিয়ে ক্ষুৰধাৰ সমালোচনা কৰে বিজেপিক। সেয়ে ৰাজহুৱা সম্পত্তি ৰক্ষা, উন্নয়ন-বিকাশ, সংস্থাপন, ঐক্য, শান্তি আদিৰ স্বাৰ্থত কংগ্ৰেছত ভোট প্ৰদান কৰি কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ গঠন কৰাত সহায় সহযোগ আৰু বৈঠালাংছ’ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীক বিপুল ভোটেৰে জয়যুক্ত কৰবলৈ ৰাইজক আহ্বান জনায় ইংহিয়ে।

ইপিনে, সভাত উপস্থিত থকা চট্টিশগৰৰ বিধায়ক ৰাম কুমাৰ যাদৱে বিজেপি চৰকাৰ তথা দলক কঠোৰ ভাষাৰে তীব্ৰ সমালোচনা কৰি বিজেপি এটা ভ্ৰষ্টাচাৰী দল, ধৰ্মীয় সংঘাত সৃষ্টি কৰা দল আৰু জাতি ধ্বংসকাৰী দল হিচাপে আখ্যা দিয়ে। বিজেপিয়ে শান্তি, উন্নয়ন, বিকাশ, প্ৰগতি আদি কৰিব নোৱাৰে বা নাজানে, বিজেপিয়ে কেৱল শোষণ কৰিব জানে বুলি মন্তব্য কৰে যাদৱে।

প্ৰচাৰ সভাত কংগ্ৰেছৰ প্ৰাৰ্থী আগষ্টীন ইংহিৰ বিপৰীতে চট্টিশগৰৰ বিধায়ক ৰাম কুমাৰ যাদৱ, কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্যা এলিচ ইংতিপি, পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি সাৰ্থে ক্ৰামছা, আমৰেঙ মণ্ডল কংগ্ৰেছৰ সভাপতি সাৰ্থে ৰংহি, মহিলা কংগ্ৰেছৰ সম্পাদিকা, যুৱ কংগ্ৰেছৰ সম্পাদককে ধৰি ভালে সংখ্যক নেতা, কৰ্মী উপস্থিত থাকে।

Exit mobile version