ভোটদানত ৰাইজৰ সঁহাৰি উৎসাহজনকঃ আঙুৰলতা ডেকা

WhatsApp Image 2021 03 27 at 5.54.38 PM

৮৪ নং বটদ্ৰৱা সমষ্টিৰ কপাহেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় ১৪৯ নং ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰি অধিক আত্মবিশ্বাসেৰে নিজৰ অভিমত ব্যক্ত কৰি বিজেপিৰ প্ৰাৰ্থী আঙুৰলতা ডেকাই কয়, ‘পূর্বত কৈ এইবাৰ ভোটদান কৰাৰ ক্ষেত্রত ৰাইজৰ মাজত ব্যাপক উৎসাহ দেখা পোৱা গৈছে। তদুপৰি নিৰ্বাচন আয়োগে বয়সস্থ অথবা বিশেষভাৱে সক্ষম লোকৰ বাবেও যিহেতু পোষ্টেল বেলেটৰ ব্যৱস্থা গ্ৰহণ কৰিছে, সেয়ে ভোটাৰৰ মাজত সঁহাৰি পোৱা গৈছে।

লগতে কয় যে, উন্নয়নৰ স্বাৰ্থত ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰিব । ২০১৬তকৈ অধিক আগ্ৰহেৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ভোটাৰে ।

ইপিনে, জাজৰি বালিকা মজলীয়া বিদ্যালয়ৰ ১২০ নম্বৰ ভোটগ্ৰহণ কেন্দ্রত ভোটাধিকাৰ সাব্যস্ত কৰে ৮৪ নং বটদ্ৰৱা বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই । ভোটাধিকাৰ সাব্যস্ত কৰি শিৱামণি বৰাই কয়, ‘পূৰ্বতকৈ এইবাৰ ৰাইজ বহু সজাগ আৰু সচেতন হৈছে । ৰাইজে বুজি পাইছে কাক ভোট দিব লাগে, কাক ভোট দিব নালাগে । বটদ্ৰৱা সমষ্টিটো এক সন্মানীয় সমষ্টিয়ে, সেয়ে ৰাইজে জানে কাক ভোট দিব লাগে।’ প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিৰ ভিতৰত কংগ্ৰেছ দলে ৩৮ আসন পাব বুলিও তেওঁ দাবী কৰে।

Exit mobile version