ভোটাৰৰ অভিযোগ গ্ৰহণৰ বাবে ধুবুৰী নিৰ্বাচন জিলাত ছটাকৈ টেলিফোন নম্বৰ সক্ৰিয়

ৰাইজে সুধিব পাৰিব নিৰ্বাচন সম্পৰ্কীয় যিকোনো প্ৰশ্ন

phone 061517010647

ধুবুৰী নিৰ্বাচন জিলাৰ অন্তৰ্গত ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ বিধানসভা সমষ্টিৰ নিৰ্বাচন প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছ কৰিবলৈ আৰু ভোটাৰ ৰাইজৰ সুবিধাৰ্থে প্ৰশাসনে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ ৷ ইয়াৰ অংশ হিচাপে স্থাপন কৰা হৈছে অভিযোগ নিয়ন্ত্ৰণ কক্ষ ৷ জিলা নিৰ্বাচন বিষয়া তথা জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাই সদৰি কৰা মতে, ভোটাৰ ৰাইজে বিধানসভা নিৰ্বাচনৰ স’তে সম্পৰ্কিত যিকোনো অভিযোগ নিৰ্দিষ্ট নম্বৰলৈ ফোন কৰি জনাব পাৰিব ৷

ধুবুৰী সমষ্টিৰ ভোটাৰে ০৩৬৬২-২৩০০৬২ নম্বৰলৈ, গৌৰীপুৰ সমষ্টিৰ জনতাই ০৩৬৬২-২৩০০৬৩ নম্বৰলৈ আৰু গোলকগঞ্জ সমষ্টিৰ ৰাইজে ০৩৬৬২-২৩০০৬৪ নম্বৰলৈ ফোন কৰি নিৰ্বাচনী আচৰণ বিধি ভংগকে ধৰি নিৰ্বাচন সম্পৰ্কীয় যিকোনো অভিযোগ জনাব পাৰিব ৷

ইপিনে, তিনিওটা সমষ্টিৰ ৰাইজে ০৩৬৬২-২৩০০৬৯ , ০৩৬৬২-২৩১১৪৯ আৰু টোল ফ্ৰি ১০৭৭ নম্বৰলৈ ফোন কৰিও অভিযোগ দাখিল কৰিব পাৰিব ৷ দিনে-নিশাই কাৰ্যক্ষম হৈ থাকিবলগীয়া এই অভিযোগ নিয়ন্ত্ৰণ কেন্দ্ৰলৈ ভোটাৰে নিৰ্বাচন সম্পৰ্কীয় যিকোনো প্ৰশ্নৰ উত্তৰ পাবৰ বাবে আৰু সন্দেহ নিৰাময়ৰ বাবেও ফোন কৰিব পাৰিব ৷ ৰাইজৰ প্ৰশ্ন বা অভিযোগবোৰ প্ৰয়োজনত কল চেন্টাৰৰ পৰা সংশ্লিষ্ট নিৰ্বাচন কোষ বা বিভাগলৈ প্ৰেৰণ কৰি সমাধানৰ ব্যৱস্থা কৰা হ’ব ৷

সকলো ৰাইজকে এই সুবিধা গ্ৰহণ কৰি এক স্বচ্ছ আৰু নিকা নিৰ্বাচন অনু্ষ্ঠিত কৰাত সহযোগ কৰিবলৈ জিলা নিৰ্বাচন বিষয়াই আহ্বান জনায় ৷

Exit mobile version