ওদালগুৰিত হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ

নাঙল থাকিব মিউজিয়ামত, ট্ৰেক্টৰ যাব দিশপুৰতঃ হিমন্ত

WhatsApp Image 2021 03 29 at 10.44.58 AM

ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অন্তত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত । কালি ওদালগুৰি জিলাৰ ভিন্ন প্ৰান্তত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কে’বাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এক প্ৰকাৰ মাৰাথান প্ৰচাৰ চলায়। হেলিকাপ্তাৰযোগে আহি মন্ত্ৰীগৰাকীয়ে জিলাখনৰ চাৰিটাকৈ বিধানসভা সমষ্টি ক্ৰমে পানেৰী, মাজবাট, কলাইগাঁও আৰু ওদালগুৰিত প্ৰচাৰ চলায়।

নিৰ্বাচনী সভাসমূহত মন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰে বিগত দিনবোৰত কৰি অহা কাম-কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে চৰকাৰখনে হাতত লোৱা আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে। দিনজোৰা নিৰ্বাচনী প্ৰচাৰৰ অন্তত মন্ত্ৰীগৰাকীয়ে সন্ধিয়া ওদালগুৰি চহৰত সমষ্টিটোৰ ইউপিপিএল প্ৰাৰ্থী গোবিন্দ বসুমতাৰীৰ হৈ এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। ওদালগুৰি গোলমাগাঁও হাইস্কুল খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই ৰোড শ্ব’টোৰ চহৰখনৰ মাজেৰে ভ্ৰমণ কৰি ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সামৰণি পৰে।

সমগ্ৰ ৰোড শ্ব’ত বিভিন্নজনে মন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ লগতে গামোচাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। ৰোড শ্ব’ৰ অন্তত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰে।

ভাষণ প্ৰসঙ্গত মন্ত্ৰী শৰ্মাই সমূহ ওদালগুৰি সমষ্টিবাসী ৰাইজক ইউপিপিএল দলত ভোটদানৰ আহ্বান জনাই কয়, “এতিয়া নাঙলৰ দিন উকলিল। বিটিচি অঞ্চলত এতিয়া পৰিৱৰ্তন আহিছে। নাঙলক ভোট দিলে ভোটসমূহ বদৰুদ্দিন আজমললৈ যাব। কিয়নো বিপিএফৰ পাছফালে আছে কেৱল আজমল আৰু কংগ্ৰেছ। কিন্তু বিজেপি বা ইউপিপিএলৰ প্ৰাৰ্থীৰ পাছফালে আছে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ। বিটিচিৰ ৰাইজে অঞ্চলটোলৈ পৰিৱৰ্তন আনি বিজেপি-ইউপিপিএলৰ চৰকাৰ গঠনত সহায় কৰিলে। গতিকে এইবাৰ এই ইউপিপিএলৰ ট্ৰেক্টৰ দিশপুৰ পাব লাগিব। তেতিয়াহে অঞ্চলটোলৈ পৰিৱৰ্তন আৰু উন্নয়নৰ জোৱাৰ আহিব।”

লগতে হাগ্ৰামা মহিলাৰীক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যিগৰাকী মানুহে নিজেই নিৰ্বাচনত হাৰিছে, তেওঁ ১২ খন আসনৰ ঠিকা কেনেকৈ ল’ব পৰে? ম‌ই নিজেই যদি জালুকবাৰীত হাৰি থাকো, তেন্তে আন সমষ্টিসমূহৰ বিষয়ে মাত মতা অধিকাৰ মোৰ ক’ত থাকিব ?

ইফালে বিটিচি অঞ্চলত নতুনকৈ জন্মলাভ কৰা উগ্ৰপন্থী সংগঠন সন্দৰ্ভত মত প্ৰকাশ কৰি শৰ্মাই কয় যে, বিটিচিত অস্ত্ৰৰ আন্দোলন শেষ হৈছে। ইয়াত আৰু পুনৰ বোমা-বাৰুদৰ খেল হ’ব দিব নোৱাৰো। বাথা নামৰ যিজন যুৱকৰ নেতৃত্বত উগ্ৰপন্থী সংগঠনৰ জন্ম হৈছে, আমি কোনো বাথাক ভয় নকৰো। বিটিআৰক পুনৰ অশান্ত কৰিবলৈ দিয়া নহ’ব। বাথাৰ স’তে সন্ত্ৰাসবাদ কৰিলে জেললৈ যাব লাগিব হাগ্ৰামা মহিলাৰী।

লগতে কয়, ‘একদম চিধা কথা যে যদি হাগ্ৰামাই বাথাক উৎসাহিত কৰে তেতিয়া তেওঁ জেলত যাব‌ই লাগিব। ইতিমধ্যে প্ৰমাণ বহুত হৈ গৈছে। ম‌ই বহুত কথাই জানো। কোকৰাঝাৰত গাড়ীৰ ভিতৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰৰ গোচৰটো তদন্তৰ বাবে এন‌আই‌এক অৰ্পন কৰা হ’ব। মই হাগ্ৰামাক কেয়াৰ নকৰো। এই যে অস্ত্ৰবোৰ উদ্ধাৰ হৈ আছে, ইয়াৰ এটা এটাকৈ হিচাপ হ’ব নিৰ্বাচনৰ পাছত।’

আন কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰি শৰ্মাই কয় যে, বিটিচিৰ ১২ খন আসনেই বিজেপি মিত্ৰজোঁটে লাভ কৰিব। অসমত পুনৰ তলাবন্ধ হোৱাৰ কোনো সম্ভাৱনা নাই। এইবাৰ ৰাজ্যত ধুমধামেৰে ৰঙালী বিহু উদ্‌যাপন কৰা হ’ব। আজিৰ এই ৰোড শ্ব’ত সাংসদ দিলীপ শইকীয়া, পল্লৱ লোচন দাসৰ লগতে বিজেপি-ইউপিপিএল দলৰ বহু নেতা কৰ্মী উপস্থিত থাকে।

Exit mobile version