কেন্দ্ৰৰ দিল্লী বিল আইনত পৰিণত

20210203162L 1613821591088 1613821607313 1615016870633

চহৰৰ নিৰ্বাচিত চৰকাৰতকৈ দিল্লীৰ লেফটেনেন্ট গৱৰ্ণৰক অধিক ক্ষমতা প্ৰদান কৰা এটা বিতৰ্কিত বিলক ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে দেওবাৰে আইনত পৰিণত কৰে । কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে ঘোষণা কৰিব কেতিয়া আইনখন কাৰ্যকৰী হ’ব ।

বুধবাৰে ৰাজ্যসভাত বিলখন পাছ কৰা হয় । ২০১৩ত দিল্লীত অৰবিন্দ কেজৰিৱাল শাসনত অহাৰ পাছৰ পৰাই লেফটেনেন্ট গৱৰ্ণৰ স’তে যুঁজ চলিয়ে আছিল ।

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীৰ চৰকাৰ বিলখনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে, দিল্লীত ‘চৰকাৰ’ শব্দৰ অৰ্থ হৈছে লেফটেনেন্ট গৱৰ্ণৰ আৰু দিল্লীত চৰকাৰে যিকোনো কাৰ্যনিৰ্বাহী পদক্ষেপ গ্ৰহণ কৰাৰ পূৰ্বে লেফটেনেন্ট গৱৰ্ণৰৰ মতামত গ্ৰহণ কৰিব লাগিব ।

আপাৰ হাউচত দুদিন বিশৃংখলতাৰ পাছত বিলখন সংসদত পাছ হয় । বিৰোধী সাংসদ সদস্যসকলে এই আইনে গণতন্ত্ৰ ধ্বংস কৰিব বুলি মত প্ৰকাশ কৰি আহিছে । বিৰোধী সাংসদসকলে দাবী জনায় যে, বিলখনক এক নিৰ্বাচিত কমিটীত প্ৰেৰণ কৰিব লাগে ।

বাচ্য ভোটৰ জৰিয়তে আইনখন ৰাজ্যসভাত পাছ হয় । চৰকাৰে বিলখনৰ বিচাৰ কৰোতে বিৰোধীসকলে বিভাজনৰ দাবী জনায় । ভোটদানত, সংসদৰ ৮৩ জন সদস্য বিলখনৰ পক্ষত থাকে আৰু ৪৫ জন সদস্য বিপক্ষত । বিলখন পাছ হোৱাৰ আগমূহুৰ্ততে কংগ্ৰেছে সংসদৰ পৰা‌ প্ৰস্থান কৰে ।

দিল্লীৰ এএপি চৰকাৰে অভিযোগ উত্থাপন কৰি আহিছে যে, লেফটেনেন্ট গৱৰ্ণৰৰ জৰিয়তে বিজেপিয়ে দিল্লীত শাসন কৰিব বিচাৰে ।

কংগ্ৰেছসহ বহু বিৰোধী দল লালু যাদৱৰ ৰাষ্ট্ৰীয় জনতা দল, শিৱ সেনা, অন্ধ্ৰপ্ৰদেশৰ চলিত চৰকাৰ ওৱাইএছ‌আৰ কংগ্ৰেছ, আকালি দল আদিয়ে এই বিলৰ বিৰোধিতা কৰি আহিছে । বিল সন্দৰ্ভত তৰ্ক চলি থকাৰ সময়তে ওৱাইএছ‌আৰ কংগ্ৰেছ দলে সংসদৰ পৰা প্ৰস্থান কৰে ।

এএপি দলে কয় যে, জনসাধাৰণে এই বিল গ্ৰহণ নকৰে ফলত কৃষক আন্দোলনৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ব । মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৃষক আন্দোলনক সমৰ্থন কৰাৰ বাবেই বিলখন পাছ কৰা হৈছে বুলিও দাবী উত্থাপন কৰে দলটোৱে ।

Exit mobile version