ভৱানীপুৰ সাউদৰভিঠাত মহাজোঁটৰ নিৰ্বাচনী জনসভাত হাগ্রামা মহিলাৰী

হিমন্ত‌ই মাদ্ৰাছা বন্ধ কৰিছে, দিশপুৰত আমাৰ চৰকাৰ অহাৰ লগে লগেই আমি মাদ্ৰাছাসমূহ পুনৰ খুলি দিমঃ হাগ্ৰামা

Well form govt with 70 seats says Hagrama Mohilary after joining hands with grand alliance

‘হিমন্ত‌ই মাদ্ৰাছাসমূহ বন্ধ কৰি দিছে কিন্তু আপোনালোকে চিন্তা নকৰিব দিশপুৰত আমাৰ মহাজোঁটৰ চৰকাৰ অহাৰ লগে লগেই আমি পুনৰ এই মাদ্ৰাছাসমূহ খুলি দিম । ম‌ই আহিছো যেতিয়া এতিয়া আৰু চিন্তা নাই দিশপুৰত মহাজোঁটৰ চৰকাৰ নিশ্চিত । দিছপুৰত মিত্রজোঁট আউট, মহাজোঁট ইন ।হাগ্রামা আহিছে যেতিয়া মহাজোঁটে চৰকাৰ কৰাটো খাটাং ।’ এই মন্তব্য বি পি এফৰ সভাপতি তথা বিটিচিৰ প্রাক্তন মুখ্য কাৰ্য্যবাহী সদস্য হাগ্রামা মহিলাৰীৰ ।

ভৱানীপুৰ বিধানসভা সমষ্টিৰ সাউদৰভিঠাৰ দক্ষিণ বিজনী আদৰ্শ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি আবেলি মহাজোঁট বন্ধনৰ এআইইউডিএফৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ সমৰ্থনত আয়োজিত নিৰ্বাচনী জনসভাত অংশগ্রহণ কৰি মহিলাৰীয়ে কয়, ‘হাগ্রামা মহিলাৰী য’ত থাকে সিয়ে চৰকাৰ কৰিব । ২০১৬ত মই বহু বিজেপিৰ বিধায়কক জিকাইছিলো । সেয়ে বিজেপিয়ে চৰকাৰ কৰিছিল । এইবাৰ বিজেপিৰ সভাপতি ৰঞ্জিত দাসে নিজে হাৰিব । ৰঞ্জিত দাসে সভাপতি, হাৰাৰ ভয়ত নিজৰ সমষ্টি এৰি পলাইছে । সভাপতিয়ে যদি পলাব লগা হয়, কেনেকৈ বিজেপি জিকিব ?’

হাগ্রামা মহিলাৰীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তীব্র সমালোচনা কৰি হিমন্তই ট্রাইবেল-অনাট্রাইবেলৰ নামত মানুহক ভাগ-ভাগ কৰে । কাৰ্বি আলং, ডিমা হাচাও কাউন্সিলত তেওঁ এই কাম কৰিছে । হিমন্ত য’ত থাকে তাত শান্তি নাথাকে বুলিও কটাক্ষ কৰে ।

আনহাতে মহিলাৰীয়ে এইবাৰ নিৰ্বাচনত কোনে কিমান আসন পাব সেই সংক্ৰান্তত ভাষণ প্ৰসংগত নিজৰ মত ব্যক্ত কৰি কয় যে, মহাজোঁটে ৭০+ আসন পোৱাৰ লগতে বিজেপিয়ে ২৫ৰ পৰা ৩০খন আসন লাভ কৰিব । তেওঁৰ মতে অগপই এখন বা দুখন আসনহে লাভ কৰিব ।

মহিলাৰীয়ে নিজৰ চিৰাচৰিত বাক শৈলীৰে বিজেপিয়ে ১০০+ নহয় ১০০- হে পাব বুলি কয় । লগতে তেওঁ বিজেপিক কিয় ভোট দিব নালাগে সেই সংক্ৰান্তত বিজেপিয়ে মুখেৰেহে কয় কিন্তু কাম নকৰে । তেওঁলোকে হিন্দু-মুছলমান-খ্রীষ্টানৰ নামত মানুহক বিভাজনহে কৰে । অসমবাসীয়ে অসমত এটা ভাল পৰিৱেশ বিৰাজ কৰাটো বিচাৰে বুলি কয় ।

সভাত কংগ্রেছ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই অংশগ্রহণ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্র আক্রমনাত্মক ভাষণ প্ৰসংগত প্রথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপি আউট হৈছে |তেওঁলোকে দ্বিতীয় পৰ্যায়ত অলপ আশা কৰিছে । তৃতীয় পৰ্যায়ত তেওঁলোকে আইচিইউ পাব বুলি কয় । তেওঁ দুই মে’ত অসমবাসীয়ে বিজয় উৎসৱ পালন কৰাৰ লগতে ৰঙৰ উৎসৱ হোলী পালন কৰিব বুলিও কয় ।

প্রথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপিক চাহ শ্রমিকসকলে কিক আউত কৰিছে । ভট্টাচাৰ্যই কয় যে, চাহ বাগানৰ শ্রমিকক বিজেপিয়ে মজুৰি বৃদ্ধি কৰিম বুলি কৈ ঠগিছিল । বিপিএফ নেতা ৰণজিৎ খেৰকটাৰীয়ে পৰিচালনা কৰা সভাখনত এ আই ইউ ডি এফৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ লগতে বিপিএফৰ প্রবীণ দাসেও ভাষণ দিয়ে । সভাখনত বিপিএফ ,কংগ্ৰেছ, এ আই ইউ ডি এফ, চিপিএমৰ একাধিক নেতাই অংশগ্ৰহণ কৰে ।

Exit mobile version