১৬ বছৰ বয়সতে ১৮ কোটি টকাৰ লটাৰী জিকিছিল কেলীয়ে

article 0 1AD3BA54000005DC

২০০৩ত মাত্ৰ ১৬ বছৰ বয়সতে ১৮ লাখ পাউণ্ড (ভাৰতীয় মুদ্ৰাত প্ৰায় ১৮ কোটি টকা) লটাৰীত জয়ী হৈছিল কেলী ৰ’গাৰ্ছে । তেওঁ ব্ৰিটেইনৰ কনিষ্ঠতম জেকপট জয়ী আছিল । কিন্তু জেকপট লাভ কৰাৰ দুই দশকৰ ভিতৰতে তেওঁ সকলো হেৰুৱাই ।  সম্প্ৰতি অন্যৰ সাহায্যত দিন কটাইছে এসময়ৰ কোটিপতিগৰাকীয়ে ।

লটাৰী জিকাৰ সময়ত তুলনীয়া মাতৃ-পিতৃৰ স’তে আছিল ইংলেণ্ডৰ কেমব্ৰিয়াত বাস কৰিছিল কেলীয়ে । লটাৰী লাভ কৰাৰ কিছুদিনৰ পাছতে তেওঁৰ নিকি লছন নামে এজন লোকৰ স’তে পৰিচয় হয় ।

ইয়াৰ পাছত দুয়োজনে এক লাখ ৮০ হেজাৰ পাউণ্ডৰ এখন গৃহ ক্ৰয় কৰি বাস কৰিবলৈ লয় । কেলীয়ে নিকিক বিয়া কৰাই আৰু তেওঁলোকৰ দুটি সন্তানো হয় । কিন্তু বিয়াৰ পাঁচ বছৰ পাছতে তেওঁলোকৰ সম্পৰ্কত ফাট মলিবলৈ লয় । সেই সময়ত আত্মহত্যাৰ চেষ্টাও কৰিছিল কেলীয়ে ।

কেলীয়ে আত্মহত্যাৰ চেষ্টা কৰাৰ বাবে তেওঁৰ সন্তান দুটিক তেওঁৰ পৰা আঁতৰ কৰি দিয়া হয় । ফলত তেওঁ মানসিকভাৱে ভাগি পৰে । নিজৰ আত্মবিশ্বাস ঘূৰাই পাবলৈ কেলীয়ে স্তনৰ অস্ত্ৰপচাৰৰ বাবে ১৭ হেজাৰ পাউণ্ড ব্যয় কৰে ।

ইয়াৰ পাছত অধিক বিলাসী হৈ পৰে কেলী । নৈশিক পাৰ্টী, মাদকৰ নিচাই গ্ৰাস কৰিবলৈ লয় তেওঁক । এনেদৰেই ধন ব্যয় কৰিবলৈ লয় । তেওঁ কেৱল মাদক দ্ৰব্যৰ বাবে আঢ়ৈ লাখ পাউণ্ড ব্যয় কৰে ।

লগতে বন্ধু বান্ধৱৰ হাবিয়াস পূৰণ কৰিবলৈ মোটা ধন ব্যয় কৰিবলৈ লয় কেলীয়ে । তেওঁৰ কাপোৰৰ সংগ্ৰহ দেখিলে চকু থৰ লাগিব । কাৰণ, তিনি লাখ পাউণ্ডৰ ডিজাইনাৰ কাপোৰে আছে তেওঁৰ । এসময়ত এনেকৈ জীৱন যাপন কৰা কেলী এতিয়া জীৱন ধাৰণৰ বাবে নিৰ্ভৰশীল প্ৰতিৱেশী, আত্মীয়স্বজন, বন্ধু-বান্ধৱৰ ওপৰত ।

Exit mobile version