ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ মহাৰাষ্ট্ৰত জাৰি কৰা হ’ব সাময়িক তলাবন্ধ

COVID 19 Test PTI

বৰ্ধিত ক’ভিড সংক্ৰমণ ৰোধ কৰাৰ সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই স্বাস্থ্যমন্ত্ৰী ৰাজেশ টোপ, স্বাস্থ্য সচিব ড° প্ৰদীপ ব্যাস আৰু ক’ভিড টাস্ক ফ’ৰ্ছৰ স’তে এক বৈঠকত মিলিত হয় । এই বৈঠকতে মুখ্যমন্ত্ৰী ঠাকৰেই সীমিত সংখ্যক দিনৰ বাবে ৰাজ্যখনত তলাবন্ধ জাৰি কৰাৰ বিষয়ে প্ৰকাশ কৰে । বিগত তিনি দিনত মহাৰাষ্ট্ৰত ১.১৩ লাখতকৈও অধিক লোক কৰ’না ভাইৰাছত সংক্ৰমিত হৈছে । দেওবাৰ দিনটোতে ৪০ হেজাৰ ৪১৪ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

তলাবন্ধৰ সময়ছোৱাত প্ৰয়োজনীয় পৰিসেৱা যেনে গেলামালৰ দোকান আৰু মেডিকেল ষ্টোৰসমূহ খোলা থাকিব আৰু বিতৰণো অব্যাহত থাকিব । ব্যক্তিগত সংস্থাসমূহৰ কৰ্মকৰ্তাসকলক ঘৰৰ পৰাই কাম কৰিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু কাৰ্যালয়সমূহত উপস্থিতি ৫০ শতাংশৰো হ্ৰাস কৰিবলৈ দিয়া হৈছে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে ক’ভিড সংক্ৰমণৰ ওপৰত লক্ষ্য ৰাখি সীমিত সংখ্যক তলাবন্ধৰ বাবে প্ৰশমন আৰু পুনৰ্বাসন বিভাগক ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰ’ছিডিয়’ৰ (এছঅ’পি) প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে । শীঘ্ৰেই এখন বিস্তাৰিত পৰিকল্পনা প্ৰকাশ কৰা হ’ব বুলি জনায় কৰ্মকৰ্তাসকলে ।

এজন জ্যেষ্ঠ ৰাজ্যিক স্বাস্থ্যকৰ্মীয়ে জনায় যে, ক’ভিড সংক্ৰমণ ৰোধ কৰিবলৈ অন্ততঃ ১৫ দিনৰ তলাবন্ধ জাৰি কৰা প্ৰয়োজন । স্বাস্থ্যকৰ্মীজনে কয়, ‘আমি মুখ্যমন্ত্ৰীগৰাকীক যথা সম্ভৱ, দুদিনৰ ভিতৰতে তলাবন্ধ জাৰি কৰিবলৈ পৰামৰ্শ দিছো ।’

কালি মহাৰাষ্ট্ৰত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা ৩.২৫ লাখলৈ বৃদ্ধি পায় । পুনেত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ৬২ হেজাৰতকৈও অধিক, মুম্বাইত ৪৪ হেজাৰৰো অধিক আৰু নাগপুৰত সক্ৰিয় ক’ভিড ৰোগী ৪৪ হেজাৰ ।

জ্যেষ্ঠ স্বাস্থ্যকৰ্মীজনে কয়, ‘নতুনকৈ ক’ভিড সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত চিকিৎসালয়সমূহ ভৰি পৰিছে । সেয়ে এনে পৰিস্থিতিত বিছনাৰ নাটনি হৈছে । পৰিস্থিতি নিয়ন্ত্ৰণত অনাৰ একমাত্ৰ উপায় হৈছে তলাবন্ধ ।’

মুখ্যমন্ত্ৰী ঠাকৰেই জিলাসমূহক প্ৰতিষ্ঠানিক আইছ’লেছনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় আৰু জ্যেষ্ঠ নাগৰিকসকলক চিকিৎসালয়ত ভৰ্তি হোৱাৰ অগ্ৰাধিকাৰ দিবলৈ নিৰ্দেশ দিয়ে । চৰকাৰে অতি শীঘ্ৰে হোম আইছ’লেছনৰ বাবে চিকিৎসকৰ অনুমতি থকাসকলৰ বাহিৰে আন প্ৰতিষ্ঠানিক আইছ’লেছনসমূহৰ বাবে নিৰ্দেশিকা জাৰি কৰিব । গুৰুত্বৰ আৰু মধ্যমীয়া ৰোগীসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হ’ব । মুম্বাইত ক’ভিড চিকিৎসাৰ বাবে দুহেজাৰ বিছনাযুক্ত ৬৩খন নাৰ্ছিং হোম নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে ।

Exit mobile version