ক’ভিড আক্ৰান্ত হৰমনপ্ৰীত কৌৰ, মৃদু উপসৰ্গ পৰিলক্ষিত

3cg6m harmanpreet kaur afp 625x300 30 March 21 1

কৰ’না ভাইৰাছ আক্ৰান্ত হৈছে ভাৰতীয় মহিলা ক্ৰিকেট খেলুৱৈ হৰমনপ্ৰীত কৌৰ । তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ ছিৰিজ খেলা নাছিল । আঘাত পোৱাৰ বাবে এদিনীয়া পঞ্চম খেলখন খেলাৰ পাছত তেওঁ বিশ্ৰামৰ বাবে যায় । জ্বৰ উঠাৰ বাবে কৰ’না পৰীক্ষণ কৰাই আৰু ফলাফল পজিটিভ আহে ।

হৰমনপ্ৰীতৰ পৰিয়ালৰ এগৰাকী সদস্যই জনায়, ‘হৰমনপ্ৰীত গৃহ কুৱাৰেণ্টাইন হৈ আছে । তেওঁ সোমবাৰে কৰ’না পৰীক্ষণ কৰাইছিল । আজি পৰীক্ষণৰ ফলাফল পজিটিভ আহে । বিগত চাৰিদিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছে । সেয়ে পৰীক্ষা কৰায় । অন্য কোনো শাৰীৰিক সমস্যা নাই । কিছুদিনৰ ভিতৰতে সুস্থ হ’ব ।’

দক্ষিণ আফ্ৰিকাৰ ছিৰিজ চলাকালীন বহুবাৰ কৰ’না পৰীক্ষণ কৰা হৈছে । সেই সময়ত তেওঁৰ পৰীক্ষণৰ ফলাফল নিগেটিভ আহিছিল । সেয়ে ছিৰিজৰ পাছতেই কৰ’না সংক্ৰমিত হৈছে বুলি সন্দেহ কৰা হৈছে । প্ৰায় এবছৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দল খেলত নামে । এদিনৰ আৰু টি-২০ দুয়োখন ছিৰিজতে পৰাভূত হয় তেওঁলোক ।

Exit mobile version