গেলিলিওৰ আঙুলি, আইনষ্টাইনৰ মস্তিষ্ক, নেপোলিয়নৰ গুপ্তাংগ ক’ত সংৰক্ষণ কৰা হৈছে ?

1617085082 1

মৃত্যুৰ পাছত দেহ সংৰক্ষণ কৰা ৰীতি বহু প্ৰাচীন । ইজিপ্তৰ মমী ইয়াৰেই উদাহৰণ । কিন্তু আপুনি জানে নে বিশ্ববিখ্যাত লোকসকলৰ দেহাংশও বছৰৰ পাছত বছৰ ধৰি সংৰক্ষণ কৰা হয় ?

১৬৪২ৰ চাৰি জানুৱাৰীত মৃত্যু হৈছিল জ্যোতিৰ্বিজ্ঞানী গেলিলিও গেলিলিৰ । তেওঁৰ বুঢ়া আঙুলি আৰু মধ্যমা আঙুলি আজিও সংৰক্ষণ কৰি ৰখা হৈছে ইতালিৰ ‘মিউজিয়াছ অৱ দ্য হিষ্ট্ৰি অৱ ছাইন্স’ সংগ্ৰহালয়ত ।

লগতে তেওঁৰ কিছু দাঁত আৰু মেৰুদণ্ডও সংৰক্ষণ কৰি ৰখা হৈছে । তেওঁৰ শৰীৰৰ এই অংশসমূহ ১৭৩৭ৰ পৰা সংগ্ৰহালয়ত ৰখা হৈছে । এটা স্মাৰকৰ আন এটা স্মাৰকলৈ স্থানান্তৰ কৰোঁতে তেওঁৰ দেহৰ পৰা এই অংশসমূহ ওলাই পৰে ।

চাৰি মাৰ্চ ১৮৭৯ত জাৰ্মানীৰ ওলমা চহৰত আলবাৰ্ট আইনষ্টাইনে জন্মগ্ৰহণ কৰে । ১৯০৫ আছিল আইনষ্টাইনৰ জীৱনৰ অন্যতম বিস্ময়কৰ বৰ্ষ । এই বৰ্ষটোতে তেওঁৰ তিনিখন গৱেষণা পত্ৰ প্ৰকাশ পায় । যিয়ে বিজ্ঞান জগতৰ বাবে নতুন দিশ মুকলি কৰি দিছিল । নতুন আৱিস্কাৰৰ এটা সূত্ৰৰ বাবেই আইনষ্টাইনে নোবেল বঁটা লাভ কৰে ।

১৯৫৫ত বৈজ্ঞানিকগৰাকীৰ মৃত্যু হয় । তেওঁৰ দেহৰ মৰণোত্তৰ পৰীক্ষণ কৰিছিল থমাছ হাৰ্ভে নামে এজন চিকিৎসকে । গৱেষণাৰ বাবে তেওঁ আইনষ্টাইনৰ মস্তিষ্কৰ ২৪০টা টুকুৰা কৰে । এই টুকুৰাৰ কিছু অংশ সংৰক্ষণ কৰা হৈছে ওৱাছিংটনৰ নেছনেল মিউজিয়াম অৱ হেল্থ এণ্ড মেডিচিনত । বাকী অংশ ফিলাডেলফিয়াৰ এখন সংগ্ৰহালয়ত সংৰক্ষিত কৰা হৈছে ।

আইনষ্টাইনৰ চকুও পৰীক্ষণৰ বাবে ওলিয়াইছিল চিকিৎসকজনে । তেওঁৰ চকু দুযোৰী সংৰক্ষণ কৰা হৈছে নিউয়ৰ্ক চিটিৰ এখন সংগ্ৰহালয়ত ।

ফৰাচী সম্ৰাট নেপোলিয়নৰ মৃত্যু হয় ১৮২১ত । তেওঁৰ যৌনাংগ সংৰক্ষণ কৰি ৰখা হৈছে । সম্ৰাটৰ মৃত্যুৰ পাছত এজন ব্ৰিটিছ চিকিৎসকে তেওঁৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষণ কৰিছিল । তেতিয়াই তেওঁ নেপোলিয়নৰ গুপ্তাংগ দেহৰ পৰা পৃথক কৰি ৰাখে । ১৯৬৯ত আমেৰিকাৰ এজন ইউৰ’লজিষ্টে ২৯০০ ডলাৰৰ বিনিময়ত গুপ্তাংগটো ক্ৰয় কৰে ।

২০০৭লৈকে তেওঁ গুপ্তাংগটো এটা বাকচৰ ভিতৰত সোমোৱাই নিজৰ বিছনাৰ তলত ৰাখি থৈছিল । ২০০৭ত তেওঁৰ মৃত্যুৰ পাছত ২০১৬ত পুনৰ নিলামৰ বাবে ৰখা হয় নেপোলিয়নৰ গুপ্তাংগ ।

১৯৩১ত বৈজ্ঞানিক থমাছ এডিছনৰ মৃত্যু হয় । শুনিবলৈ আচৰিত লাগিলেও তেওঁৰ শেষ নিশ্বাস সংৰক্ষণ কৰি ৰখা হৈছে । জীৱনৰ অন্তিম সময়ত চিকিৎসালয়ত সৰ্বক্ষণ তেওঁৰ স’তে আছিল তেওঁৰ পুত্ৰ চাৰ্লছ । অটোমোবাইল ব্যৱসায়ী হেনৰী ফ’ৰ্ডে চাৰ্লছক এটা টেষ্ট টিউব দিছিল । ফ’ৰ্ড বৈজ্ঞানিক থমাছৰ ব্যৱসায়ৰ অংশীদাৰ আছিল ।

পিতৃৰ শেষ নিশ্বাস সংৰক্ষণ কৰিবলৈ টেষ্ট টিউবটো তেওঁৰ মুখত ভৰাই ৰাখিছিল চাৰ্লছে । সেই টেষ্ট টিউবতে আজিও বন্দী হৈ আছে বৈজ্ঞানিকগৰাকীৰ শেষ নিশ্বাস । সম্প্ৰতি টেষ্ট টিউবটো মিছিগানৰ হেনৰী ফ’ৰ্ড সংগ্ৰাহলয়ত ৰখা হৈছে ।

Exit mobile version