দিল্লীৰ পাৰ্কত উদ্ধাৰ বিজেপি নেতাৰ মৃতদেহ

image 1

পশ্চিম দিল্লীৰ বিজেপি শাখাৰ প্ৰাক্তন উপ-সভাপতি জি এছ বাৱাৰ মৃতদেহ উদ্ধাৰ হৈছে দিল্লীৰ এখন পাৰ্কত । কালি সন্ধিয়া পাৰ্কৰ গ্ৰীলত তেওঁৰ দেহ উলমি থকা প্ৰত্যক্ষ কৰে স্থানীয় বাসিন্দাসকলে । প্ৰাথমিক অনুমান কৰা হৈছে, তেওঁ পাৰিবাৰিক অশান্তিৰ বাবে আত্মহত্যা কৰিছে । অৱশ্যে আৰক্ষীয়ে এই বিষয়ত ইতিমধ্যে নিশ্চিতভাৱে একো তথ্য প্ৰকাশ কৰা নাই ।

পশ্চিম দিল্লীৰ ফতেহ নগৰত বাস কৰিছিল বিজেপি নেতাজনে । তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱা পাৰ্কখন গৃহৰ নিচেই কাষতেই অৱস্থিত । আৰক্ষীয়ে জনায় যে, বাৱাৰ বয়স ৫৮ বছৰ আছিল ।

তেওঁৰ মৃত্যুৰ কাৰণ আত্মহত্যা নে আন কিবা সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই । তদন্তকাৰীসকলে জনায়, সম্প্ৰতি বিভিন্ন দৃষ্টিকোণৰ পৰা মৃত্যুৰ কাৰণ সন্ধানৰ চেষ্টা চলাইছে তেওঁলোকে । তদন্তৰ পূৰ্বে প্ৰাক্তন সভাপতিজনৰ মৰণোত্তৰ পৰীক্ষণৰ ফলাফলৰ অপেক্ষা কৰিছে তেওঁলোকে । ৰিপ’ৰ্ট অহাৰ পাছত তদন্ত আগবাঢ়িলেহে বাৱাৰ মৃত্যুৰ প্ৰকৃত কাৰণ ধৰা পৰিব ।

Exit mobile version