অসমত কালিলৈ অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

WhatsApp Image 2021 03 31 at 12.55.58 PM

● ওদালগুৰি জিলাৰ তিনিটাকৈ সমষ্টিক সামৰি কালি অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ।

● সমষ্টিকেইটা ক্ৰমে ৬৪ নম্বৰ পানেৰী, ৬৯ নম্বৰ ওদালগুৰি আৰু ৭০ নম্বৰ মাজবাট ।

● ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিৰ্বাচনী বিভাগে পৰিচালনা কৰিব সমষ্টি কেইটাৰ নিৰ্বাচন ।

● জিলাখনত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৪,৬৬,৯৬৫ গৰাকী ।

● ইয়াৰে ২,৩৬,০৫৯ গৰাকী পুৰুষ, ২,৩০,৯০১ গৰাকী মহিলা আৰু পাঁচগৰাকী তৃতীয় লিংগৰ ভোটাৰ ।

● ৬৪ নম্বৰ পানেৰী বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৫৩,৪৪১ গৰাকী

● ৬৯ নম্বৰ ওদালগুৰি (অঃসুঃজঃজাঃ) বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৫৬,০৭৫ গৰাকী ।

● ৭০ নম্বৰ মাজবাট বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ১,৫৭,৪৪৯ গৰাকী ।

● জিলাখনত প্ৰতি এহেজাৰ গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ অনুপাত হৈছে ৯৭৮ গৰাকী ।

● ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে নিৰ্বাচনী দ্বায়িত্বত নিয়োজিত বিষয়াসকল ।

● নিৰাপত্তাৰ ক্ষেত্ৰতো গ্ৰহণ কৰা হৈছে বিশেষ ব্যৱস্থা ।

● জিলাখনলৈ ইতিমধ্যে অনা হৈছে ২০টাতকৈ অধিক নিৰাপত্তাৰক্ষীৰ কোম্পানী ।

●জিলাখনৰ ভিন্ন প্ৰান্তত তালাচীৰ লগতে মোবাইল পেট্ৰ’লিঙৰ ব্যৱস্থা কৰা হৈছে ।

● স্পৰ্শকাতৰ কেন্দ্ৰসমূহত পৰ্যাপ্ত নিৰাপত্তৰক্ষীৰ ব্যৱস্থা কৰা হৈছে ।

Exit mobile version