চাপাগুৰি সমষ্টিৰ জালাহত মিত্ৰজোঁটৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মৰ সমৰ্থনত বিশাল গণ সমাবেশত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ইউপিপিএলৰ উন্নয়নৰ ট্ৰেক্টৰত ডিজেল পেট্ৰ'ল ভৰাই দিব বিজেপিয়ে

WhatsApp Image 2021 03 31 at 6.31.56 PM

আজি চাপাগুৰি বিধানসভা সমষ্টিৰ ইউপিপিএলৰ মনোনীত তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মৰ সমৰ্থনত জালাহত এখন বিশাল নিৰ্বাচনী গণসভা অনুষ্ঠিত হয় । এই সভাত উপস্থিত থাকে অসমৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । তেওঁ নিজৰ ভাষণ প্ৰসংগত কয়, ‘অসমত বিজেপিৰ নেতৃত্বত চৰকাৰ হ’ব লাগিলে ট্ৰেক্টৰ লাগিব। ট্ৰেক্টৰ অবিহনে বিজেপি চৰকাৰ নহ’ব ৷ বিজেপি চৰকাৰ যদি লাগে ট্ৰেক্টৰত ভোট দিব লাগিব। দিল্লীত বিজেপি, কোকৰাঝাৰত ইউপিপিএল আৰু বিজেপি থকাৰ পাছত অসমতো বিজেপি, ইউপিপিএলৰ তথা মিত্ৰজোঁট চৰকাৰ হ’ব লাগিব। এতিয়া ট্ৰেক্টৰ মানে পদুম, পদুম মানেই ট্ৰেক্টৰ।’

লগতে কয় যে, বিটিচিৰ পৰা হাগ্ৰামাৰ নাঙল যাব মিউজিয়ামলৈ, ট্ৰেক্টৰ যাব দিছপুৰলৈ।ফুটবল এটা খেলি ভাল লাগে বলটোৰ পাম্প থাকিলেহে। কিন্তু হাগ্ৰামাৰ ফুটবলত এতিয়া পাম্প নাই। চাপাগুৰি বিধানসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী হিতেশৰ কেতিয়াবাই পাম্প শেষ হৈ গৈছে। চাপাগুৰি বিধানসভা সমষ্টিৰ মানুহৰ মাজত এটা প্ৰশ্ন উত্থাপন হৈছে , উৰ্খাও গৌৰা ব্ৰহ্মই জয়ী হ’লে কোকৰাঝাৰত থাকিব নে, চাপাগুৰিত থাকিব। কিন্তু উৰ্খাও গৌৰা ব্ৰহ্মই জয়ী হোৱাৰ পাছত দিছপুৰত মোৰ কাষত এটা ডাঙৰ আৱাসগৃহত থাকি ডাঙৰ দায়িত্ব পালন কৰিব লাগিব।

উৰ্খাও গৌৰা ব্ৰহ্মই অসমৰ ডাঙৰ দায়িত্ব পাব।বিপিএফৰ প্ৰাৰ্থী হিতেশ বসুমতাৰী চাপাগুৰিত থাকেই বা নাথাকে তাত ৰাইজে ভাবিবলৈ একো নাই। যি গৰুৱে গাখীৰ নিদিয়ে সেই গৰু গোহালিত থাকিলেও একো লাভ নাই বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

জালাহ লক্ষ্মী মন্দিৰ বাকৰিত পোন্ধৰ হেজাৰৰো অধিক লোকৰ উপস্থিতিত অনুষ্ঠিত গণ সমাবেশত মন্ত্ৰী শৰ্মাই তেওঁৰ উদাত্ত ভাষণত কয় যে, প্ৰমোদ বড়োৰ নেতৃত্বাধীন বিটিচি চৰকাৰ গঠনৰ পাছৰে পৰা বিটিচিত সকলো জাতি-জনগোষ্ঠীৰ নিৰাপত্তা সুনিশ্চিত হৈছে। সকলো জাতি-জনগোষ্ঠীক একগোট কৰি তেওঁলোকৰ ভাষা সংস্কৃতিক সুৰক্ষিত কৰাটো নিশ্চিত হৈছে। বিটিচিত এতিয়া উন্নয়নৰ ট্ৰেক্টৰ চলিব। ইউপিপিএলৰ ট্ৰেক্টৰত ডিজেল,পেট্ৰ’ল ভৰাই দিয়া দায়িত্ব বিজেপিৰ।

হাগ্ৰামা মহিলাৰী আৰু বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰি মন্ত্ৰী শৰ্মাই কয় যে, বদৰুদ্দিন আজমলে কৈছে ওপৰত আল্লা, তলত মই। কিন্তু লগৰ হাগ্ৰামা মহিলাৰী ক’লৈ গ’ল। বদৰুদ্দিন আজমলে কৈছে নতুন চৰকাৰৰ তথা চাবি মোৰ হাতত থাকিব। কিন্তু লগৰ হাগ্ৰামা ক’লৈ গ’ল। অৰ্থাৎ হাগ্ৰামা মহিলাৰী বদৰুদ্দিন আজমলৰ নিয়ন্ত্ৰণত আছে । ৰাইজক কিন্তু নৰেন্দ্ৰ মোদীৰ অসমহে লাগে। বদৰুদ্দিন আজমলৰ অসম নালাগে।মোডীৰ অসমত ছোৱালীবোৰ ডাক্টৰ, ইঞ্জিনিয়াৰ হ’ব। আজমলৰ অসম হ’লে ছোৱলীবোৰ কেঁচুৱা জন্ম দিয়াহে হ’ব ।

২০২২ৰ এপ্ৰিলৰ ভিতৰত অসমত এক লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়া হ’ব বুলিও মন্ত্ৰী শৰ্মাই তেওঁৰ ভাষণত কয়।

গণ সমাবেশত ভাষণ দি প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে, অসমত হৈ যোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অধিকাংশ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ’ব। অসম মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত হৈছে। অসমত আৰু বিটিচিত উন্নয়নৰ বাবে, সমন্বয়ৰ বাবে মিত্ৰজোঁটৰ চৰকাৰ হ’ব লাগিব। অসমৰ উন্নয়নৰ বাবে এখন শক্তিশালী চৰকাৰ লাগে। অসমৰ উন্নয়নৰ বাবে মিত্ৰজোঁট চৰকাৰখন হ’ব এখন শক্তিশালী চৰকাৰ৷

তেওঁ লগতে কয়, ‘বিগত সোতৰটা বছৰত বিটিচিত ব্যাপক দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপশাসন চলোৱা হাগ্ৰামা মহিলাৰীক, বিপিএফক ক্ষমতাৰ পৰা উচ্ছেদ কৰা হ’ল। এই উচ্ছেদত বিজেপিৰ বিশেষ ভূমিকা আছে। হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত চলা অপশাসনৰ পাছতেই বিটিচিত আৰম্ভ হৈছে উন্নয়নৰ, সমন্বয়ৰ ৰাজনীতি। বিটিচিত চিৰদিনৰ বাবে বিদায় হ’ল উগ্ৰবাদৰ সমস্যা, বন্দুকৰ আন্দোলন। বিটিচিত এতিয়া এটা জনগোষ্ঠীৰ বিৰুদ্ধে আন এটা জনগোষ্ঠীৰ ৰাজনীতি নচলিব।ৰাইজে ভূমিৰ অধিকাৰ পালে। সকলো জনগোষ্ঠীৰেই নিজৰ নিজৰ জীয়াই থকাৰ অধিকাৰ নিশ্চিত হৈছে। এই ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ বিশেষ অৱদান আছে। যাৰবাবে বিটিচিত বিজেপি, ইউপিপিএল, জিএছপিৰ চৰকাৰ গঠন হৈছে।’

ইউপিপিএলৰ মুছলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক দয়াল শৰণীয়াই আঁত ধৰা গণ সমাবেশত বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, ঘনশ্যাম দাস, বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ উপ মুখ্য কাৰ্য্যবাহী সদস্য ৰোমিও পি নাৰ্জাৰী, বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য কুমুদ দাসেও অতিথি ৰূপে উপস্থিত থাকে।

Exit mobile version