তুৰস্কত ক’ভিড আক্ৰান্ত তিনি ভাৰতীয় মুষ্টিযুদ্ধা

qHWAzx7UnU82TehtWTNdKM 480 80

ভাৰতীয় মুষ্টিযুদ্ধা দলৰ আঠজন সদস্য কৰ’না আক্ৰান্ত । ইয়াৰ ভিতৰত তিনিজন মুষ্টিযুদ্ধা ক্ৰমে কমনৱেলথ গেমছত স্বৰ্ণ পদক জয়ী গৌৰৱ সোলাংকি (৫৭কিলোগ্ৰাম), প্ৰয়াগ চৌহান (৭৫কিলোগ্ৰাম) আৰু ব্ৰিজেশ যাদৱ (৮১কিলোগ্ৰাম) । তেওঁলোক সকলোকে ইস্তানবুলত কুৱাৰেণ্টাইনত ৰখা হৈছে ।

বছফ’ৰাছ মুষ্টিযুদ্ধা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ভাৰতীয় দলটোৱে । ২১ মাৰ্চত এই প্ৰতিযোগিতাৰ অন্ত পৰে । এই প্ৰতিযোগিতাত গৌৰৱেই স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় । নিখত জেৰিনে ব্ৰঞ্জৰ পদক লাভ কৰে । সংবাদ সূত্ৰ অনুসৰি, সম্প্ৰতি প্ৰশিক্ষক ধৰ্মেন্দ্ৰ যাদৱ, সন্তোষ বীৰম’ল, ফিজিঅথেৰাপীষ্ট শিখা কেদিয়া, ড: উমেশ, ভিডিঅ’ এনালিষ্ট নীতিন কুমাৰো কুৱাৰেণ্টাইনত আছে ।

কুৱাৰেণ্টাইনত থকা সদস্যসকলক এসপ্তাহ পাছত পুনৰ ক’ভিড পৰীক্ষণ কৰা হ’ব । কৰ’নামুক্ত হ’লেহে তেওঁলোকে ভাৰতলৈ উভতি আহিব পাৰিব ।

Exit mobile version