দোতমাৰ থুলুংগাফুৰিত বডোফা উপেন্দ্র নাথ ব্ৰহ্মৰ ৬৫ তম জন্মজয়ন্তী পালন

WhatsApp Image 2021 03 31 at 12.16.23 PM

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত দোতমাৰ থুলুংগাফুৰিত বডোফা উপেন্দ্র নাথ ব্ৰহ্মৰ জন্মস্থানত তেওঁৰ ৬৫ তম জন্মজয়ন্তী পালন কৰে। পুৱা ন বজাত দোতমাৰ থুলুংগাফুৰিস্থিত বডোফা উপেন্দ্র নাথ ব্ৰহ্মৰ প্ৰতিমুৰ্তিত মাল্যাৰ্পন কৰাৰ লগতে অনুষ্ঠানত উপস্থিত থকা ছাত্র-ছাত্রীৰ লগতে ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োয়ে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে ২৮ নং গোসাঁইগাঁও সমষ্টিৰ ইউপিপিএল দলৰ মনোনীত প্রার্থী সোমনাথ নাৰ্জাৰী, ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিৰ ইউপিপিএল দলৰ মনোনীত প্রার্থী মনোৰঞ্জন ব্ৰহ্ম, ৩০ নং পূৱ কোকৰাঝাৰ সমষ্টিৰ ইউপিপিএল দলৰ মনোনীত প্রার্থী লৰেঞ্চ ইছলাৰী আৰু দোতমা ইউএন একাডেমিৰ ছাত্র-ছাত্রীসহ ইউপিপিএল দলৰ বিভিন্ন নেতা কৰ্মীসকল।

অনুষ্ঠানত উপস্থিত হৈ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োয়ে ভাষণ প্ৰসংগত কয় যে, আজিৰ দিনটো বিটিআৰবাসী ৰাইজৰ বাবে এক উল্লেখযোগ্য দিন । এই অঞ্চলটোৰ লগতে নামনি অসমৰ সকলো লোকৰ বাবে বডোফা উপেন্দ্র নাথ ব্ৰহ্ম এজন আদৰ্শ।

বিভিন্ন জাতি-জনগোষ্ঠীয়ে নিজৰ নিজৰ ভাষা সংস্কৃতিৰ কেনেদৰে ৰক্ষণাৱেক্ষণ কৰিব লাগে সেইটো বডোফা উপেন্দ্র নাথ ব্ৰহ্মই আমাক সিকাই থৈ গৈছে বুলি সদৰি কৰে বড়োই। অহিংসা আৰু গণতান্ত্রিক পদ্ধতিৰে আন্দোলন কেনেকৈ কৰিব লাগে তাৰ এক অন্যতম উদাহৰণ বডোফা উপেন্দ্র নাথ ব্ৰহ্ম।

অনাগত দিনত বডোফা উপেন্দ্র নাথ ব্ৰহ্মৰ নীতি আদৰ্শৰে সমাজখনক আগুৱাই লৈ যাব বুলিও সদৰি কৰে প্ৰমোদ বড়োয়ে।

Exit mobile version