বিবেক ভোট প্ৰদানৰ আহ্বান সদৌ বিটিআৰ বাঙালী যুৱ ছাত্র ফেডাৰেচনৰ সভাপতি মন্টু দেৰ

WhatsApp Image 2021 03 31 at 10.01.40 AM

অসম বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই তৎপৰতা বাঢ়িছে বিভিন্ন দল সংগঠনসমূহৰ‌ । এক সাক্ষাৎকাৰত সদৌ বিটিআৰ বাঙালী যুৱ ছাত্র ফেডাৰেচনৰ সভাপতি মন্টু দে কয় যে, আমাক প্ৰতিটো চৰকাৰে প্ৰতাৰণা কৰি আহিছে গতিকে এইবেলি বিধানসভা নির্বাচনত আমি কোনো দলকে সমৰ্থন নিদিওঁ। বাঙালী ৰাইজক বিবেক ভোট প্ৰদানৰ আহ্বান জনায় মন্টুৱে ।

প্ৰতিটো চৰকাৰে নিৰ্বাচনৰ প্ৰাক ক্ষণত বাঙালী মানুহখিনিক ভোট বেংক হিচাপে ব্যৱহাৰ কৰে লগতে প্ৰতিটো চৰকাৰে নিৰ্বাচনৰ প্ৰাক ক্ষণত ডি ভোটাৰৰ সমস্যাক লৈ মাত মাতে কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছত সকলো পাহৰি যায় বুলি অভিযোগ কৰে যুৱ ছাত্র ফেডাৰেচনৰ সভাপতিজনে ।

যিসকল ৰাজনৈতিক দলে বাঙালীসকলক লৈ ৰাজনীতি কৰি আছে তেওঁলোকক মন্টুৱে সকীয়াই দি কয় যে, বাঙালীসকলক লৈ ৰাজনীতি কৰা বন্ধ কৰক।

Exit mobile version