সৰভোগ সমষ্টিৰ নিমুৱাত বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী জনসভা-শোভাযাত্ৰা-ই ৰিক্সা ৰেলীৰে চমক

বিটিআৰত এতিয়া হিংসাৰ দাৱানল নাইঃ উকিল মুছাহাৰী

WhatsApp Image 2021 03 31 at 6.06.49 PM

সমাগত বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৪০ নং সৰভোগ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত তথা ইউপিপিএল, অসম গণ পৰিষদ আৰু গণ সুৰক্ষা পাৰ্টিৰ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী শংকৰ চন্দ্ৰ দাসৰ সমৰ্থনত আজি বাগ্‌সাৰ শালবাৰীৰ নিমুৱা খেলপথাৰত এক জনসভা অনুষ্ঠিত হৈ যায় ৷

জনসভাত অংশগ্ৰহণ কৰি স্থানীয় মথনগুৰি সমষ্টিৰ এমচিএলএ তথা বিটিআৰৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে কয়, ‘বিগত ২৪ বছৰে চিপিএমে ৰাজত্ব কৰিও সৰভোগৰ কোনো উন্নয়ন কৰিব নোৱাৰিলে ৷ সমষ্টিটোত চিপিএমক ভোট দি আজমলক জিকাব খুজিম নেকি আমি৷ সৰভোগত উন্নয়ন কৰিব পাৰিব কেৱল বিজেপিয়েহে ৷’

জনসভাত কোকৰাঝাৰৰ কচুগাঁও সমষ্টিৰ এমচিএলএ তথা বিটিআৰৰ আন এগৰাকী কাৰ্যবাহী সদস্য উকিল মুছাহাৰীয়ে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰি হাগ্ৰামাৰ কাৰ্যকালত হোৱা বহু বিয়াগোম দুৰ্নীতিৰ কথা ৰাইজৰ আগত উল্লেখ কৰে ৷ উকিলে কয়, “আমাৰ বিটিআৰৰ ৰাইজে এতিয়া অস্ত্ৰধাৰী সংগঠন নিবিচাৰে৷ বিগত ১৭ টা বছৰত অশান্তিৰ পৰিৱেশ আছিল৷ আজি বিটিআৰত সেইটো নাই৷ ইয়াৰ ৰাইজে এতিয়া শান্তি বিচাৰে৷ বিটিআৰত এতিয়া হিংসাৰ দাৱানল নাই ৷ ৭৫তকৈ অধিক আসন আহিব এইবাৰ৷ দিছপুৰত চৰকাৰ মিত্ৰজোঁটৰেই হ’ব৷”

জনসভাখনত উপস্থিত থাকে বৰপেটা জিলা বিজেপিৰ সম্পাদক তথা প্ৰভাৰী বিশ্বজিৎ দাস, সংখ্যালঘু কোষৰ ৰাজ্যিক সম্পাদক গুলজাৰ হুছেইন, সাহজাহান আলী,শালবাৰী জিলা সংখ্যালঘু কোষৰ আক্কাছ আলী, যোগেশ্বৰ বসুমতাৰী,চিলাৰায় বসুমতাৰী,নীলকমল দাস,আলেব ৰাব্বানী,চক্ৰধৰ বসুমতাৰী,আলাৰাম বড়ো,মালতী স্বৰ্গীয়াৰী,চম্পাৱতী ব্ৰহ্ম,মনিকা বসুমতাৰী,নিপন বড়ো,কিশোৰ দাস,সমাজকৰ্মী জীতেন দাস,জহুৰা খাতুন,অশোক বড়ো,প্ৰদীপ সৰকাৰকে ধৰি বহু নেতাকৰ্মী৷

উল্লেখ্য যে, জনসভা সামৰণিৰ পাছতেই নিমুৱা খেলপথাৰৰ পৰা সৰভোগৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ এক নিৰ্বাচনী শোভাযাত্ৰা উলিওৱা হয়৷ শোভাযাত্ৰাত ফ্লেগ জোকাৰি মুকলি কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে ৷ লগতে আজি নিমুৱাৰ পৰা খুচুৰাবাৰী, জেংৰেংপাৰা, উজান বাঁহবাৰী হৈ বিজেপি মিত্ৰজোঁটৰ সমৰ্থনত এক বৃহৎ ই-ৰিক্সা ৰেলীও উলিওৱা হয়৷

Exit mobile version