ইনশ্বাল্লাহ অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ’ব

নিলাজ মানুহে চিপিএম(আই)ক ভোট দিব, জ্ঞান থকা মানুহে ভোট নিদিয়েঃ ৰঞ্জিত দাস

WhatsApp Image 2021 03 31 at 6.28.07 PM 1

সমাগত তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনক লৈ তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ৷ ৰাজ্যৰ অন্যান্য সমষ্টিৰ লগতে আকৰ্ষণীয় হৈ পৰিছে ৪০ নং সৰভোগ সমষ্টি৷ সমষ্টিটোৰ সংখ্যালঘু প্ৰধান অঞ্চল বগৰীগুৰিত আজি বিজেপিৰ এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয় ৷ সভাত সৰভোগ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী শংকৰ চন্দ্ৰ দাসৰ সমৰ্থনত হেলিকপ্টাৰেৰে আহি অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে৷

ভাষণ প্ৰসংগত বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ৷ ৰাইজক উদ্দেশ্যি প্ৰদান কৰা ভাষণত তেওঁ কয়, “এই অঞ্চলৰ বগৰীগুৰিৰ ৰাইজে মোক মাত্ৰ দুহেজাৰ ভোট দিয়ক৷ যদি বগৰিগুৰি ৰাইজে মোক দুহেজাৰ ভোট দিব পাৰে তেন্তে মই বগৰীগুৰি ৰাইজৰ সদায় গুলাম হৈ থাকিম৷ যদি দুহেজাৰতকৈ এটাও ভোট কম পাওঁ তেন্তে বগৰিগুৰিলৈ আৰু মই জীৱনত কেতিয়াও নাহোঁ৷”

তেওঁ লগতে কয়, “যদি বগৰীগুৰিৰ ৰাইজক নলঝৰা ব্ৰীজ লাগে তেতিয়া বিজেপিক ভোট দিব লাগিব৷ সৰভোগৰ নিলাজ মানুহখিনিয়েহে চিপিএমক ভোট দিব, জ্ঞান থকা মানুহে চিপিএমক ভোট নিদিয়ে ৷ স্বভিমান থকা মানুহে চিপিএমক ভোট নিদিয়ে৷ সৰভোগত ৰঞ্জিত দাস মানে শংকৰ দাস,শংকৰ দাস মানে ৰঞ্জিত দাস৷ সৰভোগৰ উন্নয়নৰ স্বাৰ্থত শংকৰ দাসক ভোট দিব লাগে ৷”

বিজেপি মিত্ৰজোঁটে অসমত পুনৰবাৰ চৰকাৰ গঠন কৰাৰ নিশ্চিতি প্ৰদান কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে৷ সৰভোগ সমষ্টিত বিজেপি প্ৰাৰ্থী শংকৰ চন্দ্ৰ দাসে জয়লাভ কৰি বিধায়কৰ আসনত অধিষ্ঠিত হ’ব পাৰিব বুলি কয় সভাপতি ৰঞ্জিত দাসে ৷ নিৰ্বাচনী সভাখনত সৰভোগ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী শংকৰ চন্দ্ৰ দাস, গোৱৰ্ধনা মণ্ডল বিজেপিৰ সভাপতি জয়গুৰু ঘোষ, গোৱৰ্ধনা মণ্ডল সংখ্যালঘু মৰ্চাৰ সভাপতি নুৰ আলম খানকে ধৰি বহু নেতা-কৰ্মী আৰু ৰাইজ উপস্থিত থাকে ।

Exit mobile version