বৰুৱাপাৰাত ইউপিপিএল দলৰ নিৰ্বাচনী জনসভা

WhatsApp Image 2021 03 31 at 6.06.32 PM

অসম বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই  তৎপৰতা বাঢ়িছে  বিভিন্ন ৰাজনৈতিক দলসমূহৰ । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে তুংগত উঠিছে সকলো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ। ৩০ নং পূৱ কোকৰাঝাৰ বিধানসভা সমষ্টিৰ অধিন বৰুৱাপাৰাত ইউপিপিএল দলৰ এখন নিৰ্বাচনী জনসভা অনুষ্ঠিত হয়।

উক্ত অনুষ্ঠানত উপস্থিত থাকে ৩০ নং পূৱ কোকৰাঝাৰ বিধানসভা সমষ্টিৰ ইউপিপিএল দলৰ মনোনীত প্রার্থী লৰেঞ্চ ইছলাৰী, কেএচিৰ মুৰব্বী হিতেশ্বৰ বৰ্মন, কেএচিৰ  কাৰ্যবাহী সদস্য জীবেশ ৰায়, কেএচিৰ সদস্য প্ৰদীপ কুমাৰ ৰায়ৰ লগতে ইউপিপিএল দলৰ বিভিন্ন নেতা কৰ্মীসকল।

বিপিএফ দলে যোৱা ১৫ বছৰত কেৱল দূৰ্নীতি আৰু অপশাসন কৰিলে ৰাইজৰ একো উন্নতি সাধন নহ’ল বুলি মন্তব্য কৰে ইছলাৰীয়ে ।

Exit mobile version