দোতমাত ইউপিপিএলৰ বুথ সন্মিলন অনুষ্ঠিত

IMG 20210401 WA0270 1

বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমুচাপি আহিছে সিমানেই তৎপৰতা বাঢিছে বিভিন্ন ৰাজনৈতিক দল সমুহৰ। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজত কেইটামান দিন বাকী।ইতিমধ্যে তুংগত উঠিছে সকলো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ। ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিৰ অধিন দোতমাত ইউপিপিএল দলৰ বুথ সন্মিলন অনুষ্ঠিত হয়।

উক্ত অনুষ্ঠানত উপস্থিত থাকে বিটিআৰৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিৰ ইউপিপিএল দলৰ মনোনীত প্রার্থী মনোৰঞ্জন ব্ৰহ্ম, বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে লগতে ইউপিপিএল দলৰ নেতা কৰ্মীসকল।
উক্ত অনুষ্ঠানত উপস্থিত হৈ বিটিআৰৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োয়ে ভাষন প্ৰসংগত কয় যে আগন্তুক বিধানসভা নির্বাচনত মিত্রজোটৰ চৰকাৰ হোৱাটো নিশ্চিত। বিপিএফ চৰকাৰে যোৱা ১৫ বছৰত কেৱল দূৰ্নীতি আৰু অপশ্বাষনে কৰিলে ৰাইজৰ একো উন্নতি সাধন নহল লগতে হাগ্ৰামা মহিলাৰীয়ে আৰু কেতিয়াও চৰকাৰ বনাব নোৱাৰিব এই বুলি মন্তব্য কৰে প্ৰমোদ বড়োয়ে।

Exit mobile version