ভুলৱশতঃ জাৰি কৰা বিজ্ঞপ্তি প্ৰত্যাহাৰ কেন্দ্ৰৰ

স্বল্প সঞ্চয় সুদৰ হাৰ হ্ৰাস হোৱা নাই

Nirmala SItharaman press conference 770x433 1

আজি পুৱাই টুইট কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে জনায় যে, স্বল্প সঞ্চয় সুদৰ হাৰ হ্ৰাস পোৱা নাই । ২০২০-২১ বিত্তবৰ্ষৰ শেষ ত্ৰৈমাসিক সুদৰ যি হাৰ আছিল সেইটোৱে অব্যাহত থাকিব । অৱশ্যে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড (পিপিএফ)ৰ সুদৰ হাৰ পূৰ্বৰ দৰেই থাকিব নে নতুন ঘোষণা অনুযায়ী পৰিৱৰ্তন হ’ব সেয়া ইতিমধ্যে প্ৰকাশ কৰা নাই ।

বুধবাৰে নিশা এক বিজ্ঞপ্তিৰ জৰিয়তে স্বল্প সঞ্চয় আৰু পিপিএফৰ সুদৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ঘোষণা কৰিছিল কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰণালয়ে । এই ঘোষণা হোৱাৰ লগে লগেই সৰ্বত্ৰ সমালোচনা আৰম্ভ হয় ।

ইয়াৰ পাছতেই আজি পুৱাই সুদৰ হাৰ অপৰিবৰ্তিত থাকিব বুলি জনায় কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে । তেওঁ টুইটত লিখে, ‘২০২০-২১ বিত্তবৰ্ষৰ শেষ ত্ৰৈমাসিকত কেন্দ্ৰীয় স্বল্প সঞ্চয় প্ৰকল্পসমূহত সুদৰ হাৰ যিমান আছিল সিমানেই থাকিব । অৰ্থাৎ ২০২১ৰ মাৰ্চ পৰ্যন্ত সুদৰ হাৰ অপৰিৱৰ্তিত থাকিব । ভুলৱশতঃ জাৰি কৰা নিৰ্দেশ তুলি লোৱা হৈছে ।’

বুধবাৰে নিশা কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰণালয়ে প্ৰকাশ কৰা বিজ্ঞপ্তি অনুসৰি, নেছনেল ছেভিংছ চাৰ্টিফিকেট (এন‌এছচি)ৰ সুদৰ হাৰ ৬.৮ শতাংশৰ পৰা হ্ৰাস কৰি ৫.৯ শতাংশ কৰা হৈছে । সুকন্যা সমৃদ্ধি যোজনা (এছ‌এছৱাই)ৰ সুদৰ হাৰ ৭.৬ শতাংশ পৰা হ্ৰাস কৰি ৬.৯ শতাংশ কৰা হৈছে । ডাকঘৰৰ ম্যাদি জমাৰাশি (ফিক্সড ডিপ’জিত)ৰ সুদৰ হাৰ ০.৪০ শতাংশৰ পৰা হ্ৰাস কৰি ১.১ শতাংশ কৰা হৈছে । পিপিএফৰ সুদৰ হাৰ ৭.১ শতাংশৰ পৰা ৬.৪ শতাংশলৈ হ্ৰাস কৰা হৈছে, যি ৪৬ বছৰৰ ভিতৰতে সৰ্বনিম্ন ।

কেন্দ্ৰৰ বিজ্ঞপ্তিত প্ৰকাশ কৰা হয় যে, এক এপ্ৰিল অৰ্থাৎ নতুন বিত্তীয়বৰ্ষৰ প্ৰথম দিনাৰ পৰা কাৰ্যকৰী হ’ব নতুন সুদৰ হাৰ ।

Exit mobile version