স্থানীয় শিল্পীসকলৰ স’তে ফেশ্বন শ্ব’ৰে চমক কাশ্মীৰত

vlcsnap error612

নৱ প্ৰজন্মক কৰ্মৰ সুযোগ প্ৰদান কৰিবলৈ নতুন পদক্ষেপ গ্ৰহণ কৰিলে কাশ্মীৰে । সেই উদ্দেশ্যেৰে মংগলবাৰে ‘ছেৰ-ই-কাশ্মীৰ ইণ্টাৰনেছনেল কনভেন্সন চেণ্টাৰ’ত এখন ‘দ্য কাশ্মীৰ ফেশ্বন শ্ব’ নামে অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানে সমগ্ৰ দেশবাসীৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। অংশগ্ৰহণকাৰীসকলে জনায় যে, এয়াই প্ৰথম এনে উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হ’ল অঞ্চলটোত ।

সাধাৰণতে, কাশ্মীৰ উপত্যকা বহু কাৰণত পৰিচিত হ’লেও, ভাৰতবৰ্ষৰ ফেশ্বন শ্ব’ৰ গ্ৰাফত এই অঞ্চলৰ নাম পোৱা নাযায় । স্থানীয় ডিজাইনাৰৰ তৈয়াৰী পোছাক পৰিধান কৰিলে ২২ গৰাকী অংশগ্ৰহণকাৰীয়ে । অনুষ্ঠানৰ অন্তত তেওঁলোকৰ এজন সদস্যই কয়, ‘মহিলাসকলে মডেলিং কৰা উচিত নহয় বুলি এটা ধাৰণা আছে । মডেলিং তেওঁলোকৰ বাবে নহয় ।’

ৰেম্প ৱাকত অংশগ্ৰহণকাৰী ছাৰাই কয় যে, কাশ্মীৰৰ শিল্পী আৰু মডেলসকলে তেওঁলোকৰ কাম প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰাৰ বাবে তেওঁ আনন্দিত । অনুষ্ঠানত ভাগ লোৱা বহু লোকে নিজৰ ভাল লগা কাম কৰাৰ সুযোগ লাভ কৰা সৌভাগ্যৰ কথা বুলিও মত প্ৰকাশ কৰে ।

কাশ্মীৰৰ বিভিন্ন অঞ্চলৰ পৰা বাছনি কৰি অনা হয় ফেশ্বন শ্ব’ৰ অংশগ্ৰহণকাৰীসকলক । আয়োজকসকলৰ তৰফৰ পৰা মমিন মিৰে জনায় যে, সমগ্ৰ দেশেই শলাগ লৈছে এই পদক্ষেপৰ । অনাগত দিনত এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত হৈ যাব বুলি তেওঁ আশাপ্ৰদ ।

অনুষ্ঠানৰ উদ্যোক্তাসকলে জনায় যে, কাশ্মীৰত এখন অভিনয় প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰাৰো পৰিকল্পনা কৰা হৈছে । ফেশ্বন শ্ব’ৰ সাফল্যতাই এই পৰিকল্পনা অধিক শক্তিশালী কৰিছে ।

Exit mobile version