ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মেল

Screenshot 279

আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছে এখন সংবাদ মেল আয়োজন কৰে । সংবাদ মেলখনত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ মনীষ তিৱাৰীয়ে স্বৰ্গীয় জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াক স্মৰণ কৰে । তেওঁ কয়, ‘এনেদৰে জ্যেষ্ঠ সাংবাদিকৰ মৃত্যু অসমৰ ৰাজধানী গুৱাহাটীৰ বাবে নিন্দনীয় । অসমৰ প্ৰশাসনক অতি শীঘ্ৰে ইয়াৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনাইছো ।’

তেওঁ লগতে কয় যে, বিজেপি চৰকাৰে প্ৰণয়ন কৰা ‘কা’ আইনখন সম্পূৰ্ণৰূপে অসাংবিধানিক । ধৰ্মই কেতিয়াও নাগৰিকত্ব নিৰ্ণয় কৰিব নোৱাৰে । বিজেপিৰ নিৰ্বাচনী আৰ্হিখন ধাৰ্মিক আৰ্হি । এই আৰ্হিয়ে জনসাধাৰণক হিন্দু-মুছলিমত বিভক্ত কৰিব । সেয়ে অসমৰ জনসাধাৰণে বিজেপিৰ সংকীৰ্ণ ৰাজনীতিক বুজিব লাগিব ।

Watch Video

তিৱাৰীয়ে কংগ্ৰেছৰ মহাজোঁটৰ প্ৰাৰ্থী ৰঞ্জা খুংগুৰ বসুমতাৰীৰ নিৰুদ্দেশত বিজেপি জড়িত বুলি ক্ষোভ প্ৰকাশ কৰে । তেওঁ কয়, ‘ইয়াৰ তদন্ত হ’ব লাগে । যি গণতন্ত্ৰৰ বাবে অসমৰ লোকে নিজক বলি দিলে সেই গণতন্ত্ৰ সৰ্ব কৰাৰ অধিকাৰ বিজেপিক কোনে দিলে ? সেয়ে গণতন্ত্ৰ ৰক্ষা কৰিবলৈ অসমত কংগ্ৰেছৰ চৰকাৰ গঠন হ’বই লাগিব ।’

কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ বল্লভে বিজেপিক মিথ্যাবাদী আখ্যা দিয়ে । তেওঁ কংগ্ৰেছৰ পাঁচটা গেৰেণ্টিৰ কথা উল্লেখ কৰি কয়, ‘অসমত কংগ্ৰেছৰ চৰকাৰ গঠন হ’লে কা প্ৰণয়ন কৰিব নিদিওঁ, পাঁচ লাখ চৰকাৰী চাকৰি নিশ্চিত, অসমৰ ৭০ শতাংশ বৈদ্যুতিক বিল মুক্ত কৰি দিয়া হ’ব, দুই মে’ৰ পৰা মহিলাসকলক প্ৰতিমাহে দুহেজাৰ টকাকৈ প্ৰদান কৰা হ’ব, কংগ্ৰেছৰ চৰকাৰ গঠন হোৱাৰ ছয় ঘণ্টাৰ ভিতৰত চাহ কৰ্মীসকলৰ দৰমহা ৩৬৫ টকালৈ বৃদ্ধি কৰা হ’ব ।’

কংগ্ৰেছে ১০১খন আসন লাভ কৰাটো নিশ্চিত বুলিও দাবী কৰে বল্লভে । সংবাদ মেলখনত মনীষ তিৱাৰী, গৌৰৱ বল্লভসহ অভিজিত মজুমদাৰ আৰু সাংবাদিক ববিতা শৰ্মা উপস্থিত থাকে ।

Exit mobile version