হিমন্ত আউট, হাগ্ৰামা ইনঃ বদৰুদ্দিন আজমল

WhatsApp Image 2021 04 01 at 6.45.20 PM

অসম বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই তৎপৰতা বাঢ়িছে বিভিন্ন ৰাজনৈতিক দলসমূহৰ। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন বাকী । ইতিমধ্যে তুংগত উঠিছে সকলো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ। চিথিলাৰ বিন্নাছাৰাত মহাজোঁটৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে কয় যে, এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ হোৱাটো এশ শতাংশ নিশ্চিত।

তেওঁ লগতে কয়, ‘বিজেপিয়ে ইমানদিনে অসমখনক বিক্রি কৰি শেষ কৰিলে । অসমৰ পৰা বিজেপিক বিদায় দিয়াৰ বাবে ৰাইজ উঠি পৰি লাগিছে। হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ থাকে যে মিঞাৰ ভোট নালাগে, ইয়াৰ প্ৰত্যোত্তৰ এইবাৰ নিৰ্বাচনত মিঞা ৰাইজে ভালকৈ দিব। হিমন্ত বিশ্ব শৰ্মাই অসমত সাম্প্রদায়িক সংঘর্ষৰ সৃষ্টি কৰিব বিচাৰিছে। ২০২১ৰ বিধানসভা নির্বাচনৰ পাছত হিমন্ত বিশ্ব শৰ্মা দিছপুৰৰ পৰা আউট আৰু হাগ্ৰামা মহিলাৰী ইন হ’ব ।

২০২১ৰ বিধানসভা নির্বাচনত সমগ্ৰ অসমতে মহাজোঁটৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় আজমলে । মহাজোঁটৰ চৰকাৰ হ’লে বিজেপি চৰকাৰে বন্ধ কৰা মাদ্ৰাছাসমূহ খুলি দিয়া হ’ব, চাহ বাগানত কাম কৰা কৰ্মীসকলক ৩৬৫ টকাকৈ মজুৰি দিয়া হ’ব, সকলো মানুহকে মাটিৰ পাট্টা প্ৰদান কৰা হ’ব, পাঁচ লাখ লোকক চৰকাৰী চাকৰি প্ৰদান কৰা হ’ব, ২৫ লাখ লোকক বেচৰকাৰী চাকৰি প্ৰদান কৰা হ’ব, কা বিদায় দিয়া হ’ব, এনআৰচিৰ সমস্যা সমাধান হ’ব, ডি ভোটাৰৰ সমস্যা সমাধান হ’ব, মহিলাসকলক মাহিলী দুহেজাৰ টকাকৈ দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে আজমলে ।

Exit mobile version