তামুলপুৰত ভাৰতীয় গন পৰিষদৰ প্ৰাৰ্থী নিৰ্মলা দাসৰ নিৰ্বাচনী প্ৰচাৰ

WhatsApp Image 2021 04 02 at 6.30.03 PM 3

বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাত্ৰ তিনিতা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ৷ পাছ পৰি থকা নাই নিৰ্দলীয় প্ৰাৰ্থীসমূহো ৷ এইবাৰৰ নিৰ্বাচনত ৫৮ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিৰ একমাত্ৰ মহিলা প্ৰাৰ্থী ভাৰতীয় গন পাৰ্টীৰ নিৰ্মালা দাসেও দিনে নিশাই অব্যাহত ৰাখিছে প্ৰচাৰ কাৰ্য ৷

বৃহৎ সভা নকৰি সৰু সৰু সভা তথা সমষ্টিটোৰ ঘৰে ঘৰে গৈ প্ৰচাৰ কাৰ্য অব্যাহত ৰাখি ভোটাৰসকলক কলহৰ চিহ্নত ভোটদান কৰিবলৈ আহ্বান জনাইছে প্ৰাৰ্থীগৰাকীয়ে ৷ প্ৰাৰ্থীগৰাকীৰ দাবী সমষ্টিটোৰ একমাত্ৰ মহিলা প্ৰাৰ্থী হিচাপে তেওঁ সকলো জাতি-জনগোষ্ঠীৰ সমৰ্থন লাভ কৰিছে ৷

ইপিনে, বিপিএফৰ প্ৰাৰ্থীগৰাকী বিজেপি দলত যোগদান কৰাৰ পাছত তেওঁ বিপিএফ দলৰ সমৰ্থক সকলৰো সমৰ্থন লাভ কৰিছে ৷ এইবাৰ নিৰ্বাচনত তেওঁ কমেও ৭০ হেজাৰ ভোট লাভ কৰি জয়ী হ’ব বুলি দাবী কৰে ৷ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ অহা সম্পৰ্কত প্ৰাৰ্থী নিৰ্মলাই কয়, দেশৰ প্ৰধানমন্ত্ৰী হিচাপে মই তেওঁক সন্মান জনাও ৷ তেওঁক মই আদৰণি জনাইছো ৷ কিন্তু মোদী ডাঙৰীয়া আহিলেও মোৰ জয় নিশ্চিত ৷

Exit mobile version