বোকাজানৰ খটখটীত মৰণাস্ত্ৰসহ দুই যুৱক গ্ৰেপ্তাৰ

WhatsApp Image 2021 04 02 at 12.08.24 PM

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদান সমাপ্ত হোৱাৰ পাছত আজি কাৰ্বি আংলং-নাগালেণ্ড সীমান্ত অঞ্চলত অস্ত্ৰ-শস্ত্ৰসহ দুজন যুৱক আটক হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

বোকাজানৰ আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰু বৰপথাৰ আৰক্ষীৰ চি আই ভূপেন কলিতাৰ লগতে খটখটী থানাৰ অ’চি ম’বলিক ব্ৰহ্মৰ সহযোগত খটখটী থানা অঞ্চলৰ ছানডে’ মাৰ্কেটত নাকাত তালাচী চলোৱা হয় ৷

উক্ত তালাচী অভিযানত সন্দেহৱশতঃ নম্বৰ প্লেটবিহীন এখন স্কুটিক ৰখিবলৈ নিৰ্দেশ দিয়ে আৰক্ষীৰ লোকে ৷ আৰক্ষীৰ লোকে উক্ত স্কুটীৰ পৰা এটা ৭’৬৫ পিষ্টল, এটা মেগজিন, দুই জাঁই সজীৱ গুলী উদ্ধাৰ কৰাৰ লগতে দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷

ধৃত যুৱক দুজন ক্ৰমে, ডিমাপুৰৰ শ্বহ’বি চ্যুৰ পুত্ৰ নিক’ট’ চ্যু (২৫) আৰু নিল’জ’ চ্যুৰ পুত্ৰ অৰুনাট’ চ্যু (২৬) বুলি চিনাক্ত কৰা হৈছে ৷

Exit mobile version