মন্ত্ৰী পীযূষ হাজৰিকাই সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি দিয়া ঘটনাক জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ গৰিহণা

268

অসমৰ নগৰ উন্নয়ন তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্য মন্ত্ৰী পীযূষ হাজৰিকাই দুগৰাকী সাংবাদিকক তেওঁৰ পত্নীৰ নিৰ্বাচনী প্ৰচাৰৰ ভিডিঅ’ ফুটেজ টিভি চেনেলত তথা নিউজ প’ৰ্টেলত প্ৰচাৰ কৰাৰ বাবে প্ৰাণে মৰাৰ ভাবুকি দিয়া ঘটনাক জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামে (জুৱা)ই তীব্ৰ গৰিহণা দিছে ।

সা‍ংবাদিকৰ কাম বাতৰি যোগান ধৰা। আইমী বৰুৱাই কোৱা কথা যদি বিকৃত কৰি কোনো সাংবাদিকে বাতৰি পৰিৱেশন কৰিছে তেনেহ’লে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লওক।

তাকে নকৰি সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি দিয়াটো সাংবাদিকতাৰ স্বাধীনতা তথা গণতন্ত্ৰৰ ওপৰত আক্ৰমণৰ বাদে আন একো নহয়। সাংবাদিকক এনেদৰে ভয় ভাবুকি দিয়া কাৰ্যক জুৱাই গৰিহণা দিয়াৰ লগতে ঘটনাটোৰ উচিত তদন্ত কৰিবলৈ চৰকাৰক দাবী জনাইছে।

লগতে সাংবাদিক দুগৰাকীৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰিবলৈকো জুৱাই চৰকাৰলৈ দাবী জনাইছে।

Exit mobile version