শ্ৰীৰামপুৰ আৰু ফকিৰাগ্ৰামত মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰত উপস্থিত স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

WhatsApp Image 2021 04 02 at 6.03.55 PM

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী থকা সময়তে আজি গোসাঁইগাঁও মহকুমাৰ তথা ২৮ নম্বৰ গোসাঁইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত শ্ৰীৰামপুৰত আজি মিত্ৰজোঁটৰ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয় ৷ ইউ পি পি এল তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী সোমনাথ নাৰ্জাৰীৰ হৈ প্ৰচাৰৰ বাবে সভাত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ সভাত ভাষণ প্ৰসংগত মন্ত্ৰী ড° শৰ্মাই কয়, ‘বিজেপি চৰকাৰে বিনামূলীয়া চাউলৰ পৰা আৰম্ভ কৰি ছাত্ৰীসকলক স্কুটি আৰু অৰুনোদয় আঁচনী আদি সকলো ব্যৱস্থা কৰিছে ৷ যিটো নাঙলৰ দলৰ কোনো প্ৰকাৰে সম্ভৱ নহয় ৷ নিৰ্বাচনৰ পাছত নাঙলক মিউজিয়ামত ৰখা হ’ব ৷’

তেওঁ লগতে কয় যে, মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ তিনি মাহৰ ভিতৰত শ্ৰীৰামপুৰত ডিগ্ৰি কলেজ স্থাপন কৰাৰ লগতে এশখন বিছনাযুক্ত চিকিৎসালয় স্থাপন কৰা হ’ব ৷ হিমন্তক ঢাকাৰ মিউজিয়ামত ৰখা হ’ব ।

হাগ্ৰামাৰ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, হাগ্ৰামাই আজমলৰ স’তে মিলি অসমীয়াক বাংলাদেশত পথোৱাৰ পৰিকল্পনা কৰি আছে ৷ এয়াই হ’ল মহাজোঁটৰ প্ৰকৃত স্বৰূপ ৷

সভাত উপস্থিত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে কয় যে, বিগত সময়ত অশান্তিময় হৈ থকা বিটিচিত সম্প্ৰতি শান্তিৰ পৰিৱেশ উভতি আহিছে ৷ বড়োৱে বিপিএফ দলৰ মুৰব্বি হাগ্ৰামা মহিলাৰীক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, নাঙাল মানে ঠগ প্ৰৱঞ্চক ৷ বিপিএফ দলে বিগত ১৭ বছৰত ৰাইজক প্ৰতাৰণা কৰিছে ৷ তেওঁ সোমনাথ নাৰ্জাৰীৰ হৈ ভোট আহ্বান জনায় ৷

ইপিনে, ফকিৰাগ্ৰামৰ মোনাকোষাতো কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিত ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মৰ হৈ এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে । উক্ত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰীজনৰ লগতে বিটিআৰৰ মূখ্যকাৰ্য্যবাহী প্ৰমোদ বড়ো, কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ ইউপিপিএল দলৰ তথা বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মৰ লগতে ইএম অৰূপ কুমাৰ দে, কেএচিৰ মুৰব্বী হিতেশ্বৰ বৰ্মন , কেএচিৰ মূখ্যকাৰ্য্যবাহী গকুল বৰ্মন, কৰ্মেশ্বৰ ৰায়ো উপস্থিত থাকি ট্ৰেক্টৰৰ ছবিত ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় ।

Exit mobile version