ক’ভিড আক্ৰান্ত তেণ্ডুলকাৰ চিকিৎসালয়ত চিকিৎসাধীন

1628 sachin tendulkar hospitalised

বিশ্বকাপ জয়ৰ হোৱাৰ ১০ বছৰ পূৰ্তিৰ দিনাখনে চিকিৎসালয়ত ভৰ্তি হয় শচীন তেণ্ডুলকাৰ । তেওঁ টুইটযোগে চিকিৎসালয়ত ভৰ্তি হোৱাৰ বিষয়ে জনায় । যোৱা ২৭ মাৰ্চত তেওঁ ক’ভিড আক্ৰান্ত হৈছিল ।

শচীনে টুইটত লিখে, ‘আপোনালোক সকলোৰে মৰম আৰু প্ৰাৰ্থনাৰ বাবে ধন্যবাদ । চিকিৎসকসকলৰ পৰামৰ্শ মৰ্মে চিকিৎসালয়ত চিকিৎসাধীন হ’লো । আশা কৰো কিছুদিনৰ ভিতৰতে ঘৰলৈ উভতি যাম । সকলোৱে ভালে-কুশলে থাকক । আজিৰ দিনটোতে ভাৰতে ১০ বছৰ পূৰ্বে বিশ্বকাপ জয় কৰিছিল । সকলো ভাৰতীয় আৰু মোৰ বিশ্বকাপ জয়ী সতীৰ্থসকললৈ অভিনন্দন ।’

Exit mobile version