প্ৰাসাদ নিৰ্মাণ কৰিবলৈ থৰে ২১৭ কোটি টকাৰ বিনিময়ত ক্ৰয় কৰিলে বিশাল ৰিজৰ্ট

18287272 0 image a 134 1568097552480

হলীউড অভিনেতা ক্ৰিছ হেমছ্‌ৱৰ্থ আৰু অভিনেত্ৰী তথা মডেল এলছা পাটাকী ২০১০ত বিবাহ পাশত আবদ্ধ হয় । সম্প্ৰতি পুনৰ শিৰোনামত উত্থাপন হৈছে তেওঁলোক । এইবাৰ কিন্তু তেওঁলোকৰ সম্পৰ্কজনিত বা অভিনয় সংক্ৰান্ত কাৰণত নহয় । এখন বিশাল প্ৰাসাদে শিৰোনামত টানি আনিছে তেওঁলোকৰ নাম ।

জলাশয়ৰ পাৰত সম্পূৰ্ণ পৃথক ৰূপত প্ৰাসাদ নিৰ্মাণ কৰিছে দাম্পতিহালে । স্পা, জীম, পেণ্ট্ৰী, গৃহৰ বাহিৰত খেলা স্থানৰ লগতে পৃথক পৃথককৈ শোৱনি কোঠা পোছাক পৰিধান কৰা কোঠা নিৰ্মাণ কৰা হৈছে ।

এই গৃহতে তিনি সন্তানৰ স’তে বাস কৰে তেওঁলোকে । গৃহটোক বহুলোকে কটাক্ষ কৰি প্ৰাসাদৰ পৰিৱৰ্তে হোটেল বা শ্বপিং চেণ্টাৰ বুলি মত প্ৰকাশ কৰে । অৱশ্যে তেওঁলোকে জনায়ে যে, সমালোচকসকলৰ ব্যংগ‌ই তেওঁলোকৰ ওপৰত প্ৰভাৱ নেপেলাই ।

তাৰকা দম্পত্তীহালে সম্পত্তিটো ক্ৰয় কৰাৰ পাছতে ইয়াৰ মূল্য বৃদ্ধি হ’বলৈ লয় । প্ৰাসাদৰ বিভিন্ন পৰিৱৰ্তন কৰাৰ পাছত ইয়াৰ মূল্য দ্বিগুণ বৃদ্ধি পায় । ২০১৭ত ক্ৰিছ আৰু এলছাই প্ৰাসাদটো ক্ৰয় কৰিছিল । প্ৰাসাদটো বাইৰন বে-ৰ ব্ৰ’কেন হেডত অৱস্থিত ।

অষ্ট্ৰেলিয়াৰ পূৱত অৱস্থিত সমুদ্ৰ চহৰ বাইৰন বে । এই প্ৰাসাদটো প্ৰকৃততে এখন ৰিজৰ্ট আছিল । ৰিজৰ্টখনকেই তেওঁলোকে গৃহৰ ৰূপ দিয়ে । তেওঁলোকে প্ৰাসাদটো ক্ৰয় কৰাৰ সময়ত ইয়াৰ মূল্য আছিল প্ৰায় দুই কোটি ডলাৰ ।

ইয়াক বাসগৃহত পৰিণত কৰাৰ পাছত সম্প্ৰতি ইয়াৰ মূল্য তিনি কোটি ডলাৰৰো অধিক । ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য প্ৰায় ২১৭ কোটি টকা ।

প্ৰাসাদটোত আঠটা শোৱনি কোঠা আছে । প্ৰাসাদৰ চাদত ৫০ মিটাৰ দৈৰ্ঘ্যৰ এটা ছুইমিং পুল নিৰ্মাণ কৰিছে তেওঁলোকে । পুলটো নিৰ্মাণ কৰোতে তেওঁলোকৰ ব্যয় হৈছে চাৰি লাখ ডলাৰ । গৃহৰ কাষত থকা জলাশয়টো নিৰ্মাণ কৰোতে ব্যয় হৈছে পাঁচ লাখ ডলাৰ ।

ইয়াৰোপৰি হোটেলৰ দৰে পাঁচটা ছুইট, স্পা গৃহ, গাড়ী ৰাখিবৰ বাবে চাৰিখন গেৰেজ আৰু বাহিৰত পৃথককৈ ৰন্ধনশালিৰো ব্যৱস্থা আছে । লগতে, ফিল্ম চাবলৈ, মাছাজ ল’বলৈ, ষ্টিম ল’বলৈ আৰু খেলিবলৈ পৃথক একোটাকৈ গৃহ আছে ।

প্ৰাসাদটোৰ বিশেষ আকৰ্ষণ এটা মাটিৰ গৃহ । তেওঁলোকে প্যাসাদটোৰ নাম দিছে ‘কুইল’ৱা’ । ইয়াৰ অৰ্থ এই পৰ্যন্ত প্ৰকাশ কৰা নাই ক্ৰিছ-এলছাই ।

Exit mobile version