মিত্রজোঁটৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ অন্তত অৰ্থ কেন্দ্রীক কন্দল বিজেপিৰ দলীয় কৰ্মীৰ

1532627713 8931

অসম বিধানসভা নির্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলৈ মাজত মাত্র কেই ঘন্টামান বাকী থকাৰ সময়তেই কালি অসমৰ প্ৰভাৱশালী মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ মিত্রজোঁটৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰাৰ অন্তত বিজেপি কৰ্মীৰ মাজত অৰ্থ কেন্দ্রীক কন্দলৰ সৃষ্টি হয় । ফকিৰাগ্ৰাম মণ্ডল সমিতিৰ সভাপতি মনোজ ৰায়ে বুথ কমিটিৰ কৰ্মকৰ্তাসকলক দলীয় কাম-কাজ পৰিচালনা কৰিবলৈ টকা দিয়াৰ কথা আছিল। সেই টকা বুথ কমিটিৰ কৰ্মকৰ্তাসকলে নোপোৱাত দ্বন্দৰ সৃষ্টি হয়।

মণ্ডল সমিতিৰ সভাপতি মনোজ ৰায় আৰু বুথ কমিটিৰ কৰ্মকৰ্তাসকলৰ মাজত কথা কটা-কটি হোৱাৰ পাছতেই বুথ কমিটিৰ কৰ্মকৰ্তাসকলে টকা নোপোৱাত সংবাদ মাধ্যমৰ কাষ চাপে। বুথ কমিটিৰ কৰ্মকৰ্তাসকলে সংবাদ‌ মাধ্যমক সদৰী কৰা অনুসৰি, বুথ কমিটিৰ কৰ্মকৰ্তাসকলক দীর্ঘদিনৰ পৰা দলীয় কাম-কাজ কৰাই আছে যদিও কোনো ধৰনৰ খৰচৰ বাবদ টকা দিয়া নাই।

উল্লেখ্য যে জিলা পৰ্যায়ৰ পৰা বুথ কমিটিৰ কৰ্মকৰ্তাসকলক টকা দিয়াৰ বাবে মণ্ডলৰ সভাপতি মনোজ ৰায়ৰ হাতত দিছে বুলি বুথ কমিটিৰ কৰ্মকৰ্তাসকলে প্ৰকাশ কৰে । উক্ত টকাখিনিও মণ্ডল সভাপতি ৰায়ে আত্মসাৎ কৰিছে বুলি একাংশই অভিযোগ কৰিছে। সেয়ে ফকিৰাগ্ৰাম মণ্ডল সমিতিৰ সভাপতিগৰাকীক অপসাৰণৰ দাবী কৰিছে বুথ কমিটিৰ সদস্য সকলে ।

ইপিনে বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই বিটিআৰৰ নিৰ্বাচনত জয়ী হোৱাৰ পাছত বুথ কৰ্মীসকলক কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত ক্ষোভীত হৈ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰো অপসাৰণৰ দাবী জনাইছে বুথ কমিটিৰ সদস্যসকলে। অন্যথা বিৰোধী শিবিৰক জয়ী কৰাৰ হুংকাৰ বিজেপিৰ বুথকৰ্মীসকলৰ ।

Exit mobile version