ম্যানমাৰৰ সমস্যা সমাধানৰ বাবে তৎপৰ ভাৰত

ba56222b f026 4ce6 990f f7ea898e0ce8

ম্যানমাৰৰ সেনা অভ্যুত্থানৰ হিংসাক তীব্ৰ গৰিহণা ভাৰতৰ । আজি সংবাদ মেলত ম্যানমাৰৰ সেনা বাহিনীৰ গুলী চালনা আৰু বিভিন্ন গণতান্ত্ৰিক প্ৰতিবাদ আন্দোলনৰ ওপৰত হিংসাত্মক ব্যৱস্থা গ্ৰহণক লৈ বহু প্ৰশ্ন উত্থাপন হয় । বৈদেশিক মন্ত্ৰণালয়ৰ সদ্য নিযুক্ত মুখপাত্ৰ অৰিন্দম বাগ্‌চিয়ে জনায়, যিকোনো ধৰণৰ হিংসাক আমি গৰিহণা দিওঁ । আমি আইনৰ শাসন বলবৎ থকাটো বিচাৰো । ম্যানমাৰত পুনৰ শান্তি স্থাপনৰ পক্ষত ভাৰত ।’

তেওঁ লগতে কয়, ‘আমি বন্দী হৈ থকা ৰাজনৈতিক নেতাসকলৰ মুক্তিৰ দাবী জনাইছো । সম্প্ৰতি সমস্যা সমাধানৰ বাবে যি পদক্ষেপে গ্ৰহণ কৰে আমি তাৰ সমৰ্থনত আছো । এছিয়ান-এ যি পদক্ষেপ গ্ৰহণ কৰিছে আমি তাৰ লগতো আছো । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ আৰু আন্তৰ্জাতিক মধ্যস্থতাকাৰীসকলৰ স’তেও এই বিষয়ত আলোচনা অব্যাহত আছে । আমি ভাৰসাম্য অটুট ৰাখি গঠনমূলক ভূমিকা গ্ৰহণ কৰিব বিচাৰো ।’

ম্যানমাৰত এই অগ্নিদগ্ধ পৰিস্থিতিতে ভিডিঅ’ কনফাৰেন্সযুগে বিমষ্টেক দেশসমূহৰ বৈদেশিক মন্ত্ৰীসমূহ বৈঠকত মিলিত হয়  । ভাৰত, শ্ৰীলংকা, থাইলেণ্ড, বাংলাদেশসহ ম্যানমাৰো এই আন্তৰ্জাতিক গোষ্ঠীৰ সদস্য । এই বৈঠকত বিমষ্টেকৰ চনদ চূড়ান্ত কৰা হৈছে বুলি জনায় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে । শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া আসন্ন বিমষ্টেক শীৰ্ষ সন্মিলনত এই চনদ গ্ৰহণ কৰা হ’ব । বিমষ্টেক বৈঠকত ম্যানমাৰৰ সেনাৰ ভূমিকা সন্দৰ্ভত বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰই কয়, ‘বিমষ্টেক বহুপাক্ষিক সংস্থা । সেয়ে বহুপাক্ষিক বিষয়সমূহৰ ভিত্তিতে আলোচনা হোৱাটো স্বাভাৱিক ।’

তেওঁ লগতে কয়, ‘শান্তি আৰু নিৰাপত্তাৰ জৰিয়তেহে উন্নয়ন আৰু সমৃদ্ধি সম্ভৱ হয় । নিৰাপত্তাৰ ক্ষেত্ৰত আমি চিৰাচৰিত আৰু নিত্যনতুন সমস্যাৰ সন্মুখীন হওঁ । নিৰাপত্তাৰ ক্ষেত্ৰত আমাৰ বাবে সহযোগিতা অতি গুৰুত্বপূৰ্ণ । ২০১৭ৰ পৰা এই পৰ্যন্ত আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলে তিনিবাৰ বৈঠকত মিলিত হৈছে । সন্ত্ৰাসবাদ, উপকূলৱৰ্তী অঞ্চলৰ নিৰাপত্তা, চাইবাৰ সন্ত্ৰাসসহ বিভিন্ন বিষয়ত সহযোগিতা বৃদ্ধিৰ সন্দৰ্ভত আলোচনা হৈছে ।’

ইপিনে, ম্যানমাৰৰ গণতন্ত্ৰকামী আন্দোলনকাৰীক দুৰ্বল কৰিবলৈ অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে শাসক জুণ্টাই । পৰৱৰ্তী নিৰ্দেশ জাৰি নৌহোৱা পৰ্যন্ত শুকুৰবাৰৰ পৰা বেটাৰ ইণ্টাৰনেট পৰিসেৱা বন্ধ ৰখা হৈছে । ইয়াৰ পাছতো প্ৰতিবাকাৰীসকলক দমন কৰা সম্ভৱ নহয় । ইয়াৰ প্ৰত্যোত্তৰত  প্ৰতিবাকাৰীসকলে সেনাৰ বিৰুদ্ধে গেৰিলা আক্ৰমণৰ প্ৰস্তুতিৰ হুংকাৰ দিছে ।

সম্প্ৰতি, সেনাই আটক কৰা নেত্ৰী অঙ্গ ছান ছ্যু কীৰ বিৰুদ্ধে জুণ্টাই নতুন অভিযোগ উত্থাপন কৰিছে । যোৱা বৃহস্পতিবাৰে ছ্যু কীৰ অধিবক্তাই জনায় যে, তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় গোপনীয়তা আইন ভংগৰ অভিযোগ উত্থাপন কৰা হৈছে । ছ্যু কীৰ বিৰুদ্ধে এইটো পঞ্চম অভিযোগ । ব্ৰিটিছ শাসনৰ সময়ত প্ৰস্তুত কৰা এই আইন ভংগৰ বিষয়টো প্ৰমাণিত হ’লে, অভিযুক্ত‌ৰ ১৪ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে ।

বিগত ২৫ মাৰ্চত ধৃত অষ্ট্ৰেলীয় বিত্তীয় উপদেষ্টা ছিন টাৰ্ণেলসহ ছ্যু কীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় গোপনীয়তা ভংগৰ অভিযোগ উত্থাপন কৰা হয় যদিও ৩০ মাৰ্চৰ পূৰ্বে ছ্যু কীৰ অধিবক্তাক অৱগত কৰা হোৱা নাই বুলি জনায় অধিবক্তাগৰাকীয়ে ।

Exit mobile version