ক’ভিড আক্ৰান্ত গোবিন্দ, সামান্য উপসৰ্গও পৰিলক্ষিত হৈছে অভিনেতাজনৰ

freepressjournal 2021 04 0f3a27ec 7b4a 4db2 82ff f8809edd4830 c govinda 3 april 1

কৰ’না ভাইৰাছত আক্ৰান্ত বলীউড তাৰকা গোবিন্দ । অভিনেতাজনৰ পত্নী সুনিতা আহুজাই জনায় যে, ৫৭ বৰ্ষী অভিনেতাজনৰ সামান্য উপসৰ্গ‌ও পৰিলক্ষিত হৈছে । সম্প্ৰতি নিজ বাসগৃহতে কুৱাৰেণ্টাইনত আছে তেওঁ ।

পৰিয়ালৰ সকলো সদস্যৰ লগতে কৰ্মচাৰীসকলৰো ক’ভিড পৰীক্ষণ কৰা হৈছে । তেওঁলোক সকলোৰে ফলাফল নিগেটিভ পোৱা গৈছে । কিছুদিন পূৰ্বেই কৰ’নামুক্ত হৈছে সুনিতা ।

শেহতীয়া সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত সুনিতাই জনায় যে, আজি গোবিন্দৰ কৰ’না পৰীক্ষণৰ ৰিপ’ৰ্ট পজিটিভ পোৱা যায় । অভিনেতাজন গৃহতে থাকিলেও চিকিৎসকৰ স’তে যোগাযোগ অব্যাহত আছে । অভিনেতাজনে তেওঁলোকৰ সকলো নিৰ্দেশ পালন কৰিছে আৰু চিকিৎসকসকলে তেওঁৰ উপসৰ্গৰ প্ৰৰ্যৱেক্ষণ কৰি আছে ।

সম্প্ৰতি বলীউডৰ বহু অভিনেতা-অভিনেত্ৰীয়েই কৰ’নাত আক্ৰান্ত হৈছে ।

Exit mobile version