তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে চন্দন ব্ৰহ্মৰ হৈ অন্তিম নিৰ্বাচনী প্ৰচাৰ চলালে সুস্মিতা দেৱে

চিৰাং জিলাৰ বাসুগাঁৱত ৩১ নং বিধানসভা সমষ্টিৰ প্ৰাৰ্থী চন্দন ব্ৰহ্মৰ বিশাল নিৰ্বাচনী সভাত প্ৰাক্তন সাংসদ তথা সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱ, বিধায়ক কোমলাক্ষ দেৱ পুৰকায়স্থ উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলায়।

সভাত এশ এটা আসনলৈ মহাজোঁটে চৰকাৰ গঠন কৰাৰ লগতে বিটিচিত পুনৰ হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে সুস্মিতা দেৱে।

সভাতেই মহিলা গৃহিণীসকলক মহাজোঁটৰ চৰকাৰ গঠন কৰাৰ লগে লগে মাহিলী দুহেজাৰ টকাকৈ ভাট্টা প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

হিমন্ত বিশ্ব শৰ্মাক মিছলিয়াৰ ৰজা বুলি আখ্যা দিয়াৰ উপৰিও অমিত শ্বাহক মিছলিয়াৰ গুৰু বুলি কটাক্ষ কৰি নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিয়ে কিন্তু নিৰ্বাচনৰ পাছত সকলো পাহৰি যায় বুলি মন্তব্য কৰে। লগতে মহাজোঁট চৰকাৰ হোৱাৰ লগে লগে পাঁচ লাখ নিবনুৱা যুৱক যুৱতিক চাকৰি প্ৰদান কৰিব বুলি আস্বাস দিয়ে।

শেহতীয়াকৈ বদৰুদ্দিন আজমলে অসমীয়াৰ স্বাভিমান গামোচা দলিয়াই দিয়াৰ লগতে আজমল পুত্ৰই লুঙি দাড়িৰ চৰকাৰ গঠন সন্দৰ্ভত প্ৰশ্ন কৰাত এয়া বিজেপিৰ অপপ্ৰচাৰ বুলি মন্তব্য কৰে।

Exit mobile version